ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত বিনামূলীয়া স্বাস্থ্য শিবিৰ - স্বাস্থ্য শিবিৰ

এক বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ । গোলাঘাটত দেওবাৰে অনুষ্ঠিত হৈ যায় এই বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰটো । বৃহত্তৰ অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলাৰ উদ্য‍োগত আৰু দেৰগাঁওৰ বিশিষ্ট সমাজকর্মী লক্ষ‍েশ্বৰ বৰুৱাৰ সহযোগত নুমলীগড় তেল শোধনাগাৰ বিবেকানন্দ চিকিৎসালয়ে আয়োজন কৰে এই স্বাস্থ্য পৰীক্ষা শিবিৰটো ।

বিনামূলীয়া স্বাস্থ্য শিবিৰ
author img

By

Published : Feb 3, 2019, 7:55 PM IST

গোলাঘাট, ৩ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যযুৰি প্ৰতিবাদ হৈ থকাৰ সময়ত গোলাঘাটবাসীয়ে সাব্যস্ত কৰিলে এক বিশেষ প্ৰতিবাদ । স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে দেৰগাঁও ইকৰাণীবাসী ৰাইজে ।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ গোলাঘাট শাখাৰ উদ্যোগত এই স্বাস্থ্য পৰীক্ষা শিবিৰত সেৱা আগবঢ়ায় নুমলীগড় স্বামী বিবেকানন্দ চিকিৎসালয়ৰ ডাঃ দিগন্ত কোঁৱৰ, ডাঃ দি ইংতি, ডাঃ সন্ধ্যা চক্ৰৱৰ্তী, ডাঃ পুর্ণাক্ষী ভট্টাচায্য, ডাঃ ৰেখা জৈন, ডাঃ হৰেকৃষ্ণ ডেকাৰ লগতে ৰাহুল ৰাজপুত, মনোৰমা সেন, পূৰ্ণিমা গোৱালা, পল্লৱ বৰুৱা, অপূৰ্ব বৰগোঁহাই, বিশ্বজিৎ গগৈ আৰু দীপমুন বাৰুকিয়ালে ।

বিশিষ্ট সমাজকর্মী লক্ষ‍েশ্বৰ বৰুৱাৰ মাতৃ নুমলী শইকীয়াৰ সোঁৱৰণত আয়োজন কৰা এই স্বাস্থ্য শিবিৰৰ পৰাই স্বাস্থ্যৰ প্ৰতি ৰক্ষণশীল হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হয় অঞ্চলবাসী ৰাইজ । ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় তিনি শতাধিক লোকক চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো যোগান ধৰা হয় ৷

বিনামূলীয়া স্বাস্থ্য শিবিৰ
undefined

দেৰগাঁও উত্তৰ শি‍ক্ষাখণ্ডৰ খণ্ড শি‍ক্ষা বিষয়া সজাগ বৰুৱাই উদ্বোধন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকে গোলাঘাট জিলা সাংবাদিক সংস্থা কার্যবাহী সভাপতি বিকাশ শর্মা, সাধাৰণ সম্পাদক ৰোহিত গগৈ‍, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কার্যনিৰ্বাহক সদস্য নৱকান্ত বৰা, গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি ৰাজীৱ নাথ, গোলাঘাট জিলাৰ উপদেষ্টা বাসৱ বৰবৰা, পশ্চিম মিছামৰা আঞ্চলিক সমিতিৰ উপদেষ্টা ৰঞ্জ‍িত দত্ত, পশ্চিম ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ বিষয়-ববীয়াকে ধৰি‍ বিশিষ্ট ব্যক্তিসকল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.