গোলাঘাট, 10 অক্টোবৰ : শেহতীয়াকৈ ৰাজ্যসভা-লোকসভাত গৃহীত হোৱা 'কৃষক আইন'ৰ বিৰোধিতাৰে শনিবাৰে গোলাঘাটত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোলাঘাট নগৰ ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে ।
গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কংগ্ৰেছী নেতাকৰ্মী সকলে বিজেপি চৰকাৰ মূৰ্দাবাদ,কেন্দ্ৰীয় চৰকাৰ হায় হায়,কৃষক আইন বাতিল কৰক শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷
লগতে পঢ়ক : শিশুক কোলাত লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল মহিলা