গোৱালপাৰা, 8 ডিচেম্বৰ : কৃষি আইনৰ বিৰোধিতাৰে মঙলবাৰে গোৱালপাৰাত নিখিল ভাৰত কৃষক সভাৰ জিলা কমিটীয়ে দাহ কৰিলে তিনিখনকৈ কৃষক বিৰোধী আইন । কৃষক সভাৰ জিলা কমিটীৰ লগতে কৃষক মুক্তি, ছাত্ৰ মুক্তি, এচ এফ আই, আই ডি ওৱাই এফ আইৰ সহযোগত গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত কৃষি আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
![Massive Protest In Goalpara](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-gol-8dec-802-goalpara-effigy-burn-visbytephoto-as10022_08122020210648_0812f_1607441808_1047.jpg)
লগতে পঢ়ক : কৃষি আইন প্ৰত্যাহাৰৰ দাবীত জালুকবাৰীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ