ETV Bharat / state

Unbelievable: নাকেৰে গাখীৰ টানি চকুৰে উলিয়াই চমক সৃষ্টি এজন ব্যক্তিৰ - Pradip Deka name included in India Book of Records

আমাৰ মাজত এনেকুৱা বহু লোক আছে যি নিজ নিজ প্ৰতিভাৰে নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে(people with extraordinary talent) ৷ এইসকলে কিছুমান এনে ধৰণৰ কলা বা কাৰুকাৰ্য প্ৰদৰ্শন কৰে, যিয়ে আপোনাক-মোক আচৰিত কৰি তোলে ৷ কোনোৱে যদি লোহা, কাঁচ আদি ভক্ষণ কৰে আন কোনোৱে আকৌ ভক্ষণ কৰে গৰম আঙঠা ৷ আনকোনোবাই চুলিৰে বা দাঁতে নিজৰ শৰীৰতকৈ অনেক গুণে গধুৰ সামগ্ৰী দাঙিও অভিলেখ গঢ়ে ৷ এই ব্যক্তি গৰাকীৰ কামেও আপোনাক আচৰিত কৰিব ৷ আহক চাওঁ তেওঁৰ প্ৰতিভা ৷

man-squirting-milk-out-of-his-eyes-in-golaghat
নাকেৰে গাখীৰ টানি চকুৰে উলিয়াই চমক সৃষ্টি কৰা এজন ব্যক্তি
author img

By

Published : Nov 25, 2021, 5:25 PM IST

Updated : Nov 29, 2021, 5:24 PM IST

গোলাঘাট, 25 নৱেম্বৰ : এজন সাধাৰণ ব্যক্তিৰ এক অসাধাৰণ কাৰ্য ৷ নাকেৰে গাখীৰ টানি চকুৰে উলিয়াই চমক(Squirting Milk Out of Eyes) সৃষ্টি কৰিছে ব্যক্তিজনে ৷ শুনি আচৰিত যেন লগা এয়া এক ভাবিবলগীয়া কথা ৷ মুখেৰে গাখীৰ খোৱাৰ পৰিৱৰ্তে নাকেৰে এইদৰে গাখীৰ টানিছে ব্যক্তিজনে ৷ কিন্তু ইমানতেই অন্ত পৰা নাই কাহিনীৰ ৷

নাকেৰে ভিতৰলৈ টানি নিয়া গাখীৰখিনি চকুৰে উলিয়াই দি সকলোকে আচম্বিত কৰি তুলিছে ব্যক্তিজনে ৷ এবছৰ পূৰ্বৰে পৰা এই প্ৰচেষ্টা অব্যাহত ৰাখি এতিয়া সফল হৈছে ব্যক্তিজন ৷ ব্যক্তিজনৰ নাম প্ৰদীপ ডেকা ৷ গোলাঘাট জিলাৰ দেৰগাঁৱৰ নিৱাসী তথা অসম আৰক্ষী বেটেলিয়ানৰ জোৱান প্ৰদীপ ডেকাই এই আচৰিত কাৰ্যৰে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ(Pradip Deka name included in India Book of Records)ত ৷

নাকেৰে গাখীৰ টানি চকুৰে উলিয়াই চমক সৃষ্টি কৰা এজন ব্যক্তি

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ ভিডিঅ’ৰ পৰা অনুপ্ৰাণিত হৈ নিজেও এনেধৰণৰ আচৰিত কামৰ প্ৰয়াস কৰে জোৱানজনে ৷ ইয়াৰোপৰি, চকুৰে উলিয়াই দিয়া গাখীৰখিনিৰ জ্বলি থকা মমবাতিত পেলাই মমবাতি নুমুৱায়ো দিব পাৰে ব্যক্তিজনে । এইদৰে সুৰক্ষাৰ দায়িত্বত থকা প্ৰদীপ ডেকাই ব্যতিক্ৰমী ৰূপত কৰা কাৰ্যৰ ফলত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে ।

6 ফুট 5 ইঞ্চি দূৰত্বৰ ব্যৱধানত গাখীৰখিনি চকুৰে উলিয়াই দিবলৈ সক্ষম হৈছে প্ৰদীপ ডেকাই ৷ পেচাত ব্ৰতী থকাৰ মাজতে সময় উলিয়াই এই কাৰ্যও অব্যাহত ৰাখে আৰক্ষী জোৱানজনে ৷ তেওঁৰ এই অসাধাৰণ কাৰ্যৰ শলাগ লৈছে সকলোৱে ৷

লগতে পঢ়ক : Agricultural Project at Gorukhuti : গুজৰাটৰ পৰা অসমলৈ অনা হৈছে 108 জনী গীৰ গাই

Last Updated : Nov 29, 2021, 5:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.