ETV Bharat / state

গোলাঘাটৰ লেতেকুজান চাহ বাগিচাত বন্যহস্তীৰে ল'ৰা-ধেমালি উদণ্ড যুৱকৰ - elephant terror in Assam

Elephant Terror : গোলাঘাট জিলাৰ লেতেকুজান চাহ বাগিচাত দিনৰ ভাগত চাহ বাগিচাত অৱস্থান কৰা বন্যহস্তীৰ সৈতে উদ্ভণ্ডালি একাংশ উদণ্ড যুৱকৰ । যাৰ বাবে চাহ বাগিচাত কাম কৰিবলৈ অসুবিধা হৈছে শ্ৰমিকসকলৰ ।

গোলাঘাটৰ লেতেকুজান চাহ বাগিচাত বন্যহস্তীৰে ল'ৰা-ধেমালি উদণ্ড যুৱকৰ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 4:58 PM IST

বন্যহস্তীৰে ল'ৰা-ধেমালি উদণ্ড যুৱকৰ

গোলাঘাট, ৮ জানুৱাৰী : গোলাঘাট জিলাত বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত । নিশাতো বাদেই দিয়ক, এতিয়া দিন দুপৰতে গৰু-ছাগলীৰ দৰে মুক্ত বিচৰণ কৰিছে বন্যহস্তীৰ জাকে । এই দৃশ্য হৈছে গোলাঘাট জিলাৰ মৰঙীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ । দিনৰ ভাগতে বন্যহস্তীৰ এটা বৃহৎ জাকে অতিক্ৰম কৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

লেতেকুজান চাহ বাগিচাৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি মাজুলী গাঁৱৰ দিশে প্ৰৱেশ কৰে বন্যহস্তীৰ জাকটো । এতিয়া মৰঙী মৌজাত এয়া নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছে । প্ৰতিদিনে দিনে-নিশাই চাহ বাগিচা, ঘৰ-বাৰী,পথত এতিয়া দেখিবলৈ পোৱা যায় বন্যহস্তীৰ জাক । আনহাতে, বন্যহস্তীৰ জাকে চাহ বাগিচাত অৱস্থান কৰি থকা অৱস্থাত একাংশ উদণ্ড যুৱকে চৰম উদ্ভণ্ডালি কৰা দেখা গৈছে ।

ইয়াৰ ফলত খঙাল হৈ পৰিছে বন্যহস্তী । যাৰ বাবে চাহ বাগিচাসমূহত শ্ৰমিকসকলে কাম কৰিবলৈ অসুবিধাৰ সৃষ্টি হৈছে । কিয়নো কোন সময়ত খঙাল বন্যহস্তীৰ জাক চাহ বাগিচাত প্ৰৱেশ কৰে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে । উল্লেখ্য যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিশা উজাগৰে থকাৰ উপৰি দিনতো আতংকময় পৰিৱেশত দিন কটাবলগীয়া হৈছে বৃহত্তৰ মৰঙী মৌজাৰ জনসাধাৰণ ।

সেয়ে এই সন্দৰ্ভত ৰাইজৰ আহ্বান, বিজ্ঞানসন্মতভাৱে বাস্তৱত কাৰ্যকৰী হোৱাকৈ হাতী-মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বন বিভাগ তথা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক ।

লগতে পঢ়ক :বিহালী সমষ্টিৰ বিহপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.