ETV Bharat / state

Man Elephant conflict : গোলাঘাটত হাতী মানুহৰ সংঘাত

author img

By

Published : Apr 4, 2022, 7:10 PM IST

গোলাঘাটত পুনৰ হাতী মানুহৰ সংঘাত (Man Elephant conflict in Golaghat) ৷ দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ ৷ চাহ বাগিচাত বন্যহস্তী আৰু স্থানীয় একাংশ লোকৰ মাজত লাগিল যুঁজ ৷

man-elephant-conflict-in-golaghat
গোলাঘাটত হাতী মানুহৰ সংঘাত

গোলাঘাট, 4 এপ্ৰিল : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ ৰাজ্যত প্ৰায়েই হাতীৰ আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ ৰাজ্যৰ বন বিভাগে এই সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই সমস্যাৰ কোনো সমাধান নোহোৱাৰ প্ৰায়েই অভিযোগ উত্থাপন হৈ আহিছে ৷ সমান্তৰালকৈ এইবাৰ গোলাঘাটত সৃষ্টি হ'ল হাতী মানুহৰ সংঘাত (Man Elephant conflict in Golaghat) ৷ দিন দুপৰতে গোলাঘাটৰ চাহ বাগিছাত বন্যহস্তীৰ মুক্ত বিচৰণ ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা বন্যহস্তী আৰু একাংশ লোকৰ মাজত সংঘটিত হয় এখন তয়া ময়া ৰণ ৷ এবাৰ যদি মানুহে খেদিছে, আনবাৰ আকৌ খেদিছে হাতীয়ে ৷

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি বাগিচাত থিতাপি লোৱা হাতীৰ জাকটোক বাগিছাৰ একাংশ লোকে শিল, মাটিৰ চপৰা, কেটেপাৰে আক্ৰমণ কৰি উত্তেজিত কৰি তোলে ৷ যাৰ ফলত জাকটোৰ মাজৰ পৰা এটা প্ৰকাণ্ড বন্যহস্তীয়ে চোঁচা লয় সেই স্থানক উপস্থিত কেইজন মান যুৱকলৈ ।

গোলাঘাটত হাতী মানুহৰ সংঘাত

স্থানীয় লোকৰ মতে, বাগিচাখনত আশ্ৰয় লৈ থকা হাতীৰ জাকটোক একাংশ লোকে আক্ৰমণ কৰি উত্তেজিত কৰি তোলে ৷ যাৰ বাবে সূত্ৰপাট হয় এই সংঘাতৰ ৷ হাতীৰ আক্ৰমণত কথমপিহে প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ ৷

জানিব পৰা মতে, বিগত কেইদিনমান ধৰি বন্যহস্তীৰ জাকটোৱে বিচৰণ কৰি আছে গোলাঘাটৰ বকিয়াল চাহ বাগিচাত ৷ ইফালে স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাৰ পিছতো বন্যহস্তীৰ জাকটোক সেই স্থানৰ পৰা বনাঞ্চললৈ পুনৰ খেদি পঠাবৰ বাবে গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা ৷ তাৰোপৰি গোলাঘাটৰ বন বিভাগে জিলাখনত প্ৰায়েই সংঘটিত হৈ অহা হাতী মানুহৰ এই সংঘাত ৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চটোৰ স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Man Elephant conflict : ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.