ETV Bharat / state

Man-Elephant conflict : গোলাঘাটত এতিয়া দিনে-ৰাতিয়ে শুনা যায় গুলীৰ শব্দ

author img

By

Published : Dec 20, 2021, 1:17 PM IST

কিমানদিন ধৰি বিনিদ্ৰ ৰজনী পাৰ কৰিছে গোলাঘাটবাসীয়ে, সেয়া হয়তো তেওঁলোকৰে মনত নাই ৷ দিনটোৰ শ্ৰমৰ অন্তত সুখনিদ্ৰাত মগ্ন হোৱাতো এতিয়া গোলাঘাটবাসীৰ বাবে স্বপ্নহে মাথো ৷ কিয়নো জিলাখনৰ ভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই আহিছে বন্যহস্তীৰ জাকে ৷ উপায়বিহীন ৰাইজে খাবলৈ, শুবলৈ পাৰ কৰিছে উজাগৰী নিশা ৷

বন্যহস্তীৰ মুক্ত বিচৰণে নিদ্ৰা হৰিছে গোলাঘাটবাসী ৰাইজৰ

গোলাঘাট, 20 ডিচেম্বৰ : বিগত কেইবা দশক ধৰি অসমত সংঘাত হৈ আহিছে হাতী-মানুহৰ ৷ বনাঞ্চলৰ বিপৰীতে জনাঞ্চলতহে সঘনে দেখিবলৈ পোৱা যায় বন্যহস্তীৰ জাকক ৷ বন ধ্বংসৰ ভয়ংকৰ পৰিণতি ভোগ কৰিবলগা হৈছে মানৱ সমাজে । যাৰ ফলত বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত (Man elephant conflict)।

ৰাজ্য চৰকাৰৰ বন বিভাগে এই জ্বলন্ত সমস্যা সমাধানৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও লাভ কৰা নাই সুফল ৷ অসমত বিগত ১০ বছৰত হাতী-মানুহৰ সংঘাতৰ ফলত মৃত্যু হৈছে মুঠ ৮৯০ জন লোকৰ ৷ চলিত বছৰত প্ৰায় 61 গৰাকী লোকে হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰাণ হেৰুৱাবলগা হৈছে ৷

ৰাজ্যত অব্যাহত থকা হাতী-মানুহৰ সংঘাতে চৰম সীমা অতিক্ৰম কৰিছে গোলাঘাট জিলাৰ নামবৰ বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলসমূহত (Man elephant conflict in Golaghat) ৷ দৈনিক খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি আতংকৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ৷

বন্যহস্তীৰ উপদ্ৰৱৰ বাবে নিদ্ৰাহৰণ হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজৰ ৷ বৰ্তমান নামবৰ বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলটোত বন্যহস্তীয়ে বিনষ্ট সাধন কৰিছে ঘৰ-দুৱাৰৰ লগতে খেতি পথাৰৰ ৷ স্থানীয় বনকৰ্মীয়ে দিনে-নিশাই গুলী ফুটুৱাই বন্যহস্তীক খেদাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু এইক্ষেত্ৰত বৰ্তমানলৈকে সফল হ'ব পৰা নাই ৷

লগতে পঢ়ক : Man elephant conflict : সোণাৰিত ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিলে বনৰীয়া হাতীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.