ETV Bharat / state

লকডাউনৰ মাজতো ৰাজ্যত অব্যাহত হস্তী-মানৱৰ সংঘাত - বন বিভাগৰ ফালৰ পৰা

হাতী খেদিবলৈ নিশা বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নুমলীগড়ৰ বাগান অঞ্চলৰ ৰাইজে ৷ বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷

man-elephant-conflict-in-golaghat
নুমলীগড়ত হাতী-মানুহৰ সংঘাত অব্যাহত, বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ
author img

By

Published : May 19, 2020, 3:09 PM IST

গোলাঘাট, 19 মে‘ : গোলাঘাটৰ নুমলীগড়ত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতৰ ঘটনা ৷ বিগত কিছুদিন ধৰি নুমলীগড় চাহ বাগিচাৰ বিভিন্ন স্থানত অৱস্থান কৰিছে কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা পোৱালি সহ এটা 40-50 জনীয়া বৃহৎ বন্যহস্তীৰ জাকে ৷ দিনৰ ভাগত কাষৰে বনাঞ্চল সমূহত অৱস্থান কৰি থকা হাতীৰ জাকে নিশা হলে বাগানৰ লাইন সমূহলৈ ওলাই আহে ৷ যাৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ এতিয়া হাতী খেদিবলৈ নিশা বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

নুমলীগড়ত হাতী-মানুহৰ সংঘাত অব্যাহত, বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ

এই সন্দৰ্ভত স্থানীয় ৰাইজে বাৰাম্বাৰ বন বিভাগত অৱগত কৰি অহাৰ পাছতো বন বিভাগৰ ফালৰ পৰা কোনেো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক কেন্দ্ৰ কৰি ফাঁচী বজাৰত আতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.