ETV Bharat / state

গোলাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত হাতী-মানৱৰ সংঘাত - পোৰাবঙলা

গোলাঘাটৰ নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ চূড়ান্ত ৰূপ ৷ এই সংঘাতৰ এক ভয়ংকৰ দৃশ্য বন্দী হয় নুমলীগড়ৰ পোৰাবঙলা আৰু লেটেকুজান অঞ্চলত ৷

man elephant conflict in golaghat assam etv bharat news
হস্তী-মানৱৰ সংঘাত
author img

By

Published : Nov 7, 2020, 10:38 PM IST

গোলাঘাট, 7 নৱেম্বৰ: গোলাঘাটৰ নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ চূড়ান্ত ৰূপ ৷ এই সংঘাতৰ এক ভয়ংকৰ দৃশ্য বন্দী হয় নুমলীগড়ৰ পোৰাবঙলা আৰু লেটেকুজান অঞ্চলত ৷ হাতীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছে জীৱশ্ৰেষ্ঠ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,উক্ত অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰাই এই সংঘাত অব্যাহত আছে ৷ লেটেকুজানৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বনৰীয়া হাতীয়ে অঞ্চলটোৰ একাংশ ৰাইজক খেদা দৃশ্য কেমেৰাত বন্দী হয় ৷

হস্তী-মানৱৰ সংঘাত

উল্লেখ্য যে, পোৰাবাংলাত থকা ধাননি পথাৰ তহিলং কৰি হাতীৰ এটা জাকে অঞ্চলবাসীৰ বসতিস্থলৰ মাজেৰে ৰাওনা হৈ চাহ বাগিচাসমূহত প্ৰৱেশ কৰে ৷ চাহ বাগিচাৰ পৰা হাতীৰ জাকটোৱে পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে আহে ৷ নুমলীগড়বাসীৰ বাবে এয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ যাৰ ফলত বহু বিনিদ্ৰ ৰজনী পাৰ কৰিছে জিলাখনৰ অধিকাংশ ৰাইজে ৷ এই সংঘাত দিনক-দিনে বৃদ্ধি পাইছে যদিও তাৰ প্ৰতি কোনো কাণসাৰ নাই জিলা প্ৰশাসনৰ ৷

লগতে চাওকঃ অসমৰ বিদ্যালয়ত মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.