গোলাঘাট,3 নৱেম্বৰ: চৰম পৰ্যায়ত হস্তী-মানৱৰ সংঘাত ৷ জীৱশ্ৰেষ্ঠ হিচাপে দাবী কৰা মানুহে হাতীৰ উপদ্ৰৱ ৰোধৰ উদ্দেশ্যে অগ্নি সংযোগ কৰি শেল নিক্ষেপ কৰে ৷ গোলাঘাটত সংঘটিত হৈছে এই ঘটনা ৷ যাৰ ফলত হাতীৰ শৰীৰত জুই লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ কেমেৰাত আৱদ্ধ হয় এই সমগ্ৰ দৃশ্য ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নুমলীগড়ৰ মৰঙি মৌজাৰ বিভিন্ন প্ৰান্তলৈ ধাৰাবাহিকভাৱে আগমন ঘটে বন্যহস্তীৰ ৷ দিনে-নিশাই বৃহৎ অঞ্চলটোত হাতীয়ে প্ৰৱেশ কৰি নষ্ট কৰে পকা ধাননি পথাৰ ৷
উপায়ন্তৰ ৰাইজে গাঁৱসমূহৰ পৰা হাতীৰ জাক খেদিবলৈ ব্যৱহাৰ কৰে শেলৰ দৰে অস্ত্ৰ ৷ ৰাইজে ব্যৱহাৰ কৰা শেলসমূহত অগ্নি সংযোগ কৰি নিক্ষেপ কৰাৰ ফলত মঙলবাৰে এটা হাতী আঘাতপ্ৰাপ্ত হয় ৷ হাতীটোৰ শৰীৰত জুয়ে পুৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰ পিছতো হস্তী-মানৱৰ সংঘাত ৰোধৰ বাবে কিন্তু স্থানীয় বন বিভাগে গ্ৰহণ কৰা নাই কোনো উচিত ব্যৱস্থা ৷
লগতে চাওকঃ মিজো আগ্ৰাসনৰ বিৰুদ্ধে হাইলাকান্দিত কৃষক মুক্তিৰ প্ৰতিবাদ