ETV Bharat / state

ক্ৰমাৎ জটিল ৰূপত হাতী-মানুহৰ সংঘাত

author img

By

Published : Jul 7, 2019, 3:41 PM IST

গোলাঘাট জিলাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে । দৈনিক খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে জাক জাক বন্যহস্তী ৷ জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰি আহিছে ত্ৰাসৰ ।

গোলাঘাটত হাতী-মানুহৰ সংঘাত

গোলাঘাট, 7 জুলাই : গোলাঘাট জিলাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে । গোলাঘাটৰ কাঠনি চাহ বাগিচা, সুন্দৰপুৰ, ধলাগুৰি চাহ বাগিচাৰ সুন্দৰপুৰ, ৰজা আলি অঞ্চলত শনিবাৰে নিশা উপদ্ৰপ চলায় বন্যহস্তীয়ে ৷ এনেদৰেই নিশা হ’লেই বন বিভাগৰ লোকে হাতীৰ জাকটো সেই ঠাইৰ পৰা আঁতৰাই পঠাই যদিও পুনৰ দিনৰ ভাগত চাহ বাগিচা অঞ্চলত সোমাই ত্ৰাসৰ সৃষ্টি কৰে হাতীৰ জাকটোৱে । স্থানীয় লোকসকলে হাতীৰ জাকটোক খেদিবলৈ বাৰে বাৰে চেষ্টা চলাই যদিও ওলোটাই হাতীৰ জাকটোৱে খেদি আহে লোকসকলক ৷ ইপিনে দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ সন্ধিয়া হোৱাৰ লগে লগে গাঁওসমূহত প্ৰৱেশ কৰি খেতি পথাৰ অনিষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰি আহিছে হাতীৰ জাকে । ফলত হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰা অঞ্চলবাসীয়ে অৱশেষত এইক্ষেত্ৰত চৰকাৰ তথা বন বিভাগক ব্যৱস্থা গঠন কৰিবলৈ আহ্বান জনায় ৷

Intro:গোলাঘাট জিলাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে । দৈনিক খাদ্যৰ সন্ধানত জাকে জাকে বন্য হস্তী জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে ত্ৰাস ৰ ।
Body:এই দৃশ্য গোলাঘাট ৰ কাঠনি চাহ বাগিচা, সুন্দৰপুৰ, ধলাগুৰি চাহ বাগিচাৰ। নিশা হাতীৰ জাকটোৱে সুন্দৰপুৰ, ৰজা আলি অঞ্চলত ওৰে নিশা উপদ্ৰপ চলাই । বন বিভাগৰ লোকে হাতীৰ জাকটো সেই ঠাইৰ পৰা আঁতৰাই পঠাই যদিও পুনৰ দিনৰ ভাগত চাহ বাগিচা অঞ্চলত সোমাই ত্ৰাস ৰ সৃষ্টি কৰে । স্থানীয় লোক সকলে হাতীৰ জাকক খেদিবলৈ চেষ্টা কৰিও বিফল হৈছে ওলোটাই লোক সকলক খেদি গৈছে হাতীৰ জাকটোৱে । এক যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ।দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ সন্ধিয়া হোৱাৰ লগে লগে গাঁও সমূহত প্ৰৱেশ কৰি খেতি পথাৰ অনিষ্ট কৰি ঘৰ বাৰী ভাঙি এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰি আহিছে দীৰ্ঘদিনৰ পৰা । এনেদৰে চলি থাকিলে যি কোনো মূহতত সংঘটিত হব পাৰে ভয়াৱহ অঘটন । দিনৰ ভাগত এতিয়া চাহ বাগিচাৰ শ্ৰমিক সকলে চাহ বাগিচাত কাম কৰিবলৈ ভয় কৰা হৈছে । গোলাঘাট জিলাত থকা নামবৰ, দৈগ্ৰোঙ, দেউপাহাৰ আদি বনাঞ্চল সমূহত হোৱা অবৈধ বেদখল, বন ধ্বংস ৰ এয়া ভয়াবহ পৰিনাম । চৰকাৰ তথা বন বিভাগৰ বিফলতাৰ বাবেই এনেদৰে গোলাঘাট তথা নুমলীগড় ত ভয়াবহ হৈ পৰিছে হাতী মানুহৰ সংঘাত । অতিশীৰ্ঘে চৰকাৰে এই সংঘাত ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অধিক ভয়াবহ দিশলৈ গতি কৰিব এই হাতী মানুহৰ সংঘাতেConclusion:Byte 1 : স্থানীয় ব্যক্তি
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.