ETV Bharat / state

গোলাঘাটৰ লেটেকুজান ৰজাবাৰীত বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ - হস্তী-মানৱৰ সংঘাত

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ শেহতীয়াকৈ গোলাঘাট জিলাৰ লেটেকুজান ৰজাবাৰীত সন্ত্ৰাস চলাইছে বন্যহস্তীৰ এটা জাকে ৷

গোলাঘাটৰ লেটেকুজান ৰজাবাৰীত বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ

author img

By

Published : Jun 9, 2020, 6:17 PM IST

গোলাঘাট, 9 জুন : গোলাঘাটৰ লেটেকুজান ৰজাবাৰীৰ ৰেল লাইনত অৱস্থান কৰিছে বন্যহস্তীৰ এটা বৃহৎ জাকে । আনহাতে বন্যহস্তীৰ জাকটো খেদিবলৈ হাতে হাতে জুই আৰু অন্যান্য অস্ত্ৰ লৈ ওলাই আহিছে ৰাইজ ৷

গোলাঘাটৰ লেটেকুজান ৰজাবাৰীত বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ

বিগত দুদিন ধৰি হাতীৰ এটা বৃহৎ জাকে ৰজাবাৰী, লেটেকুজান অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে । গাঁৱবাসীসকলে হাতীৰ জাকটোক আঁতৰাই পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে । ৰাইজৰ খেদাত হাতীৰ জাকটোৱে দিক-বিদিক হেৰুৱাই বিপদজনকভাৱে ৰেললাইনত অৱস্থান কৰিছে ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত । এবাৰ যদি ৰেল লাইন আন এবাৰ আকৌ ঘাইপথ অতিক্ৰম কৰি খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছে হাতীৰ এই বৃহৎ জাকটো ।

লগতে পঢ়কঃ বাঘজানৰ বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.