গোলাঘাট, 8 ছেপ্টেম্বৰঃ শনিবাৰে নিশা গোলাঘাটৰ কছাৰিহাটতএখন তীব্ৰ বেগী মটৰ চাইকেলৰ খুন্দাত এজন পথচাৰীৰ মৃত্যু হয়৷ নিহত লোক জন বৰহোলাৰ কৃষণ তাতি বুলি জানিব পৰা গৈছে৷ কছাৰিহাটৰ এটা পৰিয়ালত শ্ৰমিক হিচাপে আছিল কৃষণ৷
নিশা খোজকাঢ়ি গৈ থকা কৃষণ তাতিক এখন তীব্ৰ বেগী মটৰ চাইকেলে খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰে৷ ততাতৈয়াকৈ আহত কৃষণ তাতিক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কিছু সময়ৰ পিচতে তেওঁৰ মৃত্যু হয়৷ ইপিনে দুৰ্ঘটনা সংঘটিত কৰি মটৰ চাইকেলত অহা এৰি দুই আৰোহীয়ে ঘটনাস্থলীতে মটৰ চাইকেলখন এৰি পলায়ন কৰে৷