ETV Bharat / state

ফাইনেল খেলিলেও লাভলীনাৰ খেল নাচায় পিতৃয়ে: কিন্তু কিয় ?

লাভলীনাৰ পিতৃয়ে আজি ক’লে কিয় ফাইনেল খেলিলেও তেওঁ খেল উপভোগ নকৰে লাভলীনাৰ ৷ অপ্ৰতিৰোধ্য বক্সিং কন্যা লাভলীনা । ছেমি ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ ৷ পূৰ্বতে তিনিবাৰকৈ লাভলীনা পৰাস্ত হৈছিল চেন নিয়েন চিনৰ হাতত । বিশ্ব জয় কৰা এইগৰাকী বক্সাৰৰ খেল নাচাই তেওঁৰ নিজ পিতৃয়ে ৷ কিন্তু কিয় বিশ্বৰ দৰবাৰত অসমক আগুৱাই নিয়া এইগৰাকী খেলুৱৈৰ খেল চাবলৈ আগ্ৰহী নহয় পিতৃ ?

lovlinas-father-avoid-to-watch-her-game-of-lovlina-know-why
ফাইনেল খেলিলেও লাভলীনাৰ খেল নাচায় পিতৃয়ে:কিন্তু কিয় ?
author img

By

Published : Jul 30, 2021, 6:13 PM IST

Updated : Aug 2, 2021, 1:17 PM IST

সৰুপথাৰ, 30 জুলাই: টকিঅ’ অলিম্পিক(Tokyo Olympics)ত বক্সিঙৰ 69 কেজিৰ ছেমিফাইনেলত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোঁহাই(Boxer Lovlina Borgohain)ৰ ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰো এটাই আশা ৷ জয়ৰ খিতাপ আঁজুৰি আনিব অসমৰ লাভলীনাই ৷ এই আশাৰেই এতিয়া বাট চাই ৰৈছে সমূহ অসমবাসী ৷

এইবাৰৰ অলিম্পিকত যাতে লাভলীনাই পদক অৰ্জন কৰি ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে লাভলীনালৈ প্ৰতিজন অসমবাসীয়ে জনাইছে আশীৰ্বাদ আৰু শুভকামনা । অসমৰ লগতে ভাৰতবৰ্ষলৈ ইটোৰ পাচত সিটো খিতাপ অৰ্জন কৰা লাভলীনা এইবাৰ টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰা অসমৰ একমাত্ৰ খেলুৱৈ । পিছে বিশ্ব জয় কৰা এইগৰাকী বক্সাৰৰ খেল নাচাই তেওঁৰ নিজ পিতৃয়ে ৷

কিন্তু, কিয় বিশ্বৰ দৰবাৰত অসমক আগুৱাই নিয়া এইগৰাকী খেলুৱৈৰ খেল চাবলৈ কিয় আগ্ৰহী নহয় পিতৃ ?

ফাইনেল খেলিলেও লাভলীনাৰ খেল নাচায় পিতৃয়ে:কিন্তু কিয় ?

পুনৰবাৰ বক্সিং ৰিঙত অপ্ৰতিৰোধ্য হৈ ৰ’ল অসম কন্যা লাভলীনা বৰগোঁহাই । চীনৰ শক্তিশালী প্ৰতিদ্বন্দী চেন নিয়েন চিনক ধৰাশায়ী কৰি চেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই। শুকুৰবাৰে পুৱা অনুস্থিত হৈছিল টকিঅ’ অলিম্পিকৰ 69 কেজি শাখাৰ বক্সিং ৰিঙৰ কোৱাটাৰ ফাইনেল খেলখন। লাভলীনাৰ বাবে শুকুৰবাৰৰ খেলখনেই আছিল বেছিকৈ কষ্টকৰ কিয়নো আজিৰ প্ৰতিদ্বন্দী চেন নিয়েন চিনৰ হাতত পূৰ্বতে তিনিবাৰকৈ পৰাস্ত হৈছিল লাভলীনা ।

কিন্তু পূৰ্বৰ পৰাজয়ৰ পোতক তুলিবলৈকে যেন দৃঢ়মনা হৈছিল লাভলীনা। লাভলীনাৰ যাদুকৰী পান্সৰ আগত তিষ্ঠি থাকিব নোৱাৰিলে চীনৰ খেলুৱৈগৰাকী । চাৰি এক ব্যৱধানত পৰাজয় স্বীকাৰ কৰিলে চেন নিয়েন চিনে । ইয়াৰ লগে লগে লাভলীনাই চেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিলে ৷ আজি পুৱাৰে পৰা কোটি কোটি ভাৰতীয়ৰ চকু নিৱদ্ধ আছিল লাভলীনাৰ ওপৰত ।

লাভলীনাৰ গৃহভূমি বৰপথাৰত পুৱাৰে পৰা অধীৰ আশাৰে ৰৈ আছিল অগণন অনুৰাগী। সকলোৰে মুখত এটাই কথা লাভলীনা জিকিব আৰু কিছুসময়ৰ পাছতে যেতিয়া টকিঅ’ৰ সেই বিশেষ বক্সিং ৰিঙত ৰেফাৰীয়ে লাভলীনাৰ হাত ওপৰলৈ দাঙি দিলে তেতিয়াই গৃহভূমি বৰপথাৰত দেখা গল আৱতৰীয়া বিহু । শ শ অনুৰাগীয়ে আনন্দতে এপাক বিহু নাচিলে, কোনোৱে আকৌ ফটকা ফুটাই মনৰ আনন্দ প্ৰকাশ কৰিলে ।

লাভলীনাৰ জয়ে এতিয়া সমগ্ৰ ভাৰতীয়ৰ আশাবোৰক আৰু এখোপ আগুৱাই লৈ গ’ল । ইপিনে লাভলীনাৰ আজিৰ খেলখনত জয়ৰ পাচতেই উৎফুল্লিত হৈ পৰে পিতৃ টিকেন বৰগোঁহাই । লাভলীনাৰ খেল উপভোগ কৰিলেনে বুলি কৰা সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত পিতৃয়ে কন্যা লাভলীনাৰ খেল উপভোগ নকৰে বুলি মন্তব্য কৰে ৷ যদি কেতিয়াবা খেলসমূহৰ পুনৰ সম্প্ৰচাৰ কৰা হয় তেতিয়াহে উপভোগ কৰে অন্যথা পোনপটীয়া সম্প্ৰচাৰত পিতৃ টিকেন বৰগোহাঁইয়ে লাভলীনাৰ খেল উপভোগ নকৰে ৷

পিছে খেল উপভোগ নকৰাৰ কাৰনো সাংবাদিকৰ আগত প্ৰকাশ কৰিলে পিতৃ টিকেন বৰগোহাঁইয়ে ৷ প্ৰকৃততে কমনৱেল্থ খেল এবাৰ উপভোগ কৰিছিল পিতৃ টিকেন বৰগোহাঁইয়ে কিন্তু সেইবাৰ সেই খেলত পৰাজয় বৰন কৰাৰ পাচৰ পৰাই খেল চোৱাৰ পৰা বিৰত আছিল পিতৃ ৷ অনাগত সময়তো জীয়ৰী লাভলীনাৰ খেল উপভোগ নকৰে পিতৃয়ে ৷ ইয়াৰ উপৰি ফাইনেল খেলিলেও পিতৃয়ে খেল উপভোগ নকৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক:Tokyo Olympics : বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই

Last Updated : Aug 2, 2021, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.