ETV Bharat / state

খন্তেক পিছতেই স্ব-গৃহত ভৰি দিব লাভলীনাই

বহু অপেক্ষাৰ অন্তত অৱশেষত নিজ গাঁৱত উপস্থিত হ’ব অসম গৌৰৱ লাভলীনা বৰগোঁহাই ৷ লাভলীনাক আদৰাৰ বাবে ইতিমধ্যেই বৰপথাৰত কৰা হৈছে বিশাল আয়োজন ৷

author img

By

Published : Aug 17, 2021, 3:39 PM IST

Lovlina Update news_Visual_ASC10084
খন্তেক পিছতেই স্ব-গৃহত ভৰি দিব লাভলীনাই

সৰুপথাৰ, 17 আগষ্ট : খন্তেক পিছতে স্ব-গৃহত ভৰি দিব অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহায়ে ৷ বৰপথাৰত উপস্থিত হোৱাৰ পিছতে খেলুৱৈগৰাকীক বিশাল ৰেলীৰে আদৰি অনা হ’ব ৷ বিয়লি চাৰিবজাত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হ’ব লাভলীনাক ৷

বৰপথাৰ হাইস্কুল খেলপথাৰত জিলা প্ৰশাসন, বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে সম্বৰ্ধনা জনাব লাভলীনাক ৷ ইতিমধ্যেই লাভলীনাৰ সম্বৰ্ধনা অনুষ্ঠানৰ বাবে বৰপথাৰ হাইস্কুল খেলপথাৰত সজাই তোলা হৈছে অস্থায়ী মণ্ডপ ৷

উল্লেখ্য যে, বিগত 12 আগষ্টত গুৱাহাটীত উপস্থিত হৈছিল লাভলীনা ৷ গুৱাহাটীৰ শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত খেলুৱৈগৰাকীক ৰাজ্যিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে অসম চৰকাৰে ৷

আনহাতে, 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে 13 আগষ্টত পুনৰ দিল্লীলৈ উৰা মাৰিছিল লাভলীনা ৷ অৱশেষত বহু অপেক্ষাৰ অন্তত আজি অৰ্থাৎ মঙলবাৰে নিজ পৰিয়াল, নিজ গাঁওবাসীৰ কাষত উপস্থিত হ’ব তেওঁলোকৰ মৰমৰ জী লাভলীনা বৰগোঁহাই ৷

লগতে পঢ়ক : লাভলীনা আহিব বাৰমুখীয়ালৈ : গাত তৰণি নাই গাঁওবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.