সৰুপথাৰ,১ জুন: পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ৷ ডুবাইৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে অসম কন্যা গৰাকীয়ে । লাভলীনাৰ সাফল্যক লৈ আনন্দিত হৈ পৰিছে গোলাঘাটৰ ধনশিৰি মহকুমাৰ বৰপথাৰ বাৰমুখীয়াৰ ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ।
৬৯ কিল’গ্ৰাম ৱেলটাৰৱেট শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় লাভলীনাই । পদক লাভৰ পিছতে বক্সাৰগৰাকীক স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে জন প্ৰতিনিধিয়ে অভিনন্দন জনায় ।
স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, ধনশিৰি মহকুমা সাংবাদিক সংস্থা, বৰপথাৰ প্ৰেছ ক্লাব, ধনশিৰি মহকুমা ছাত্ৰ সন্থা, ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা, ধনশিৰি মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্য বহু দল-সংগঠনে লাভলীনাক শুভেচ্ছা জনাইছে । ভৱিষ্যতে লাভলীনাই এনেদৰে ক্ৰীড়া ক্ষেত্ৰখনত সুনাম অৰ্জন কৰি অসমবাসীৰ লগতে ভাৰতবাসীক গৌৰৱান্বিত কৰি যাব বুলি আশা প্ৰকাশ কৰে সকলোৱে ।
লগতে পঢ়ক: চাৰিদুৱাৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী