গোলাঘাট, 12 অক্টোবৰঃ বিশ্ব বিজয়ৰ সপোন দুচকুত লৈ গোলাঘাটৰ জীয়ৰী লাভলিনাৰ বৰগোঁহাইৰ যাত্ৰা । গোলাঘাট জিলাৰ অতি ভিতৰুৱা গাঁৱৰ পৰা ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা লাভলিনাৰ ফাইনেলৰ যাত্ৰাৰ মাজত এতিয়া কেৱল এটা খোজ ৷ আজি ভাৰতীয় সময় অনুসৰি বিয়লি 5 বজাত ছেমিফাইনেলত চীনৰ প্ৰতিদ্বন্দীৰ সৈতে মুখামুখি হ’ব লাভলিনা বৰগোঁহাই ৷
উল্লেখ্য যে, যি পথৰে নিজৰ সপোন জিনিবলৈ ঢাপলি মেলি বিশ্ববাসীৰ আগত জিলিকিবলৈ সক্ষম হৈছে সেই পদুলি আজিও দেখা নাই উন্নয়নৰ মুখ ৷ গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ লাভলিনা বৰগোঁহাইৰ আজিৰ মেচখনক লৈ এতিয়া উৎফুল্লিত পিতৃ-মাতৃৰ লগতে ওচৰ চুবুৰীয়া ৷ ছেমিফাইনেলৰ মেচখনক লৈ পিতৃ-মাতৃৰ লগতে স্থানীয় লোকে শুভেচ্ছা জ্ঞাপন কৰিছে খেলুৱৈগৰাকীক । শাৰিৰীক ভাৱে কিছু অসুস্থৰ সন্মুখীন হোৱা লাভলিনা বৰগোঁহাই বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত জয়ী হোৱাৰ আশা প্ৰকাশ কৰিছে সকলোৱে ৷
ইপিনে লাভলিনাৰ প্ৰথম প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসেও লাভলিনাক শুভেচ্ছা জ্ঞাপন কৰি সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৷ লগতে কয় যে, তেওঁ আশাবাদী আগন্তুক 2020 টকিঅ’ অলিম্পিকতো ভাল ফলাফল দেখুৱালৈ সক্ষম হ’ব লাভলিনা ৷
বৃহস্পতিবাৰে 69 কিলোগ্ৰাম শাখাত প’লেণ্ডৰ খেলুৱৈ কোৰোলিনা ক’স্জেৱস্কাক 4-0 ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল লাভলিনা ৷