সৰুপথাৰ, ১৫ জুন : কেৱল সাধাৰণ ৰাইজক উন্নয়নমূলক কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়াই নহয়, সুদক্ষ খেলুৱৈক দিয়া প্ৰতিশ্ৰুতিৰ কথাও পাহৰি যায় একাংশ মন্ত্ৰী বিধায়কে । টকিঅ' অলিম্পিক(Tokiyo Olympic)লৈ যোগ্যতা অৰ্জন কৰা গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়াৰ লাভলীনা বৰগোঁহাই(LOVLINA BARGOHAIN)ক বিগত বৰ্ষতে দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ কৰিব নোৱাৰিলে কৃষি মন্ত্ৰী অতুল বৰা(ATUL BORA) আৰু গোলাঘাট জিলাৰ তদানীন্তন উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে ।
বিগত বৰ্ষত কৃষি মন্ত্ৰী অতুল বৰা লাভলীনাৰ গৃহত উপস্থিত হৈ তেওঁক গ্ৰীণ হাউচ, নাৰ্চাৰী আৰু এটা পাৰ্ভেলাইজাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । এইবোৰ যোগান ধৰাৰ বাবে লাভলীনাৰ বাসগৃহৰ পৰাই কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়াক ফোনযোগে নিৰ্দেশ দিছিল মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীৰ নিৰ্দেশমৰ্মে বিভাগীয় বিষয়াই লাভলীনাক এটা পাৰ্ভেলাইজাৰ প্ৰদান কৰে । কিন্তু আজি পৰ্যন্ত গ্ৰীণ হাউচ অথবা নাৰ্চাৰীৰ কোনো ব্যৱস্থা নকৰিলে । আনহাতে, লাভলীনাৰ পিতৃ টিকেন বৰগোঁহাইয়ে গ্ৰীণ হাউচ, নাৰ্চাৰীৰ বাবে গোলাঘাটৰ কৃষি বিভাগৰ কাৰ্যালয়লৈ গৈ কোনো সহায় নাপালে ।
লাভলীনাৰ পিতৃয়ে জনোৱা মতে, লাভলীনাৰ জন্ম গৃহলৈ অহা মূল পথৰ অৱস্থা দেখি সেই সময়ৰ গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে ৬৩০ দৈৰ্ঘৰ পথটোত চেণ্ড গ্ৰেভেল, পাথৰ দি নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । পিছত পথটোত কেৱল ৪ গাড়ী চেণ্ড গ্ৰেভেল পেলাই দায়িত্ব সামৰে বিভাগীয় কৰ্তৃপক্ষই ।
লগতে পঢ়ক: মাইক্ৰ’ফাইনেঞ্চৰ ঋণ: মন্ত্ৰী অশোক সিংঘালক সাক্ষাৎ মহিলা মঞ্চৰ