ETV Bharat / state

থলুৱাক বঞ্চিত কৰি বহিৰাগতক সুযোগ দিয়া হয় নেকি NRL ত ? - নুমলীগড় শোধনাগাৰ

NRL ৰ মুখ্য দ্বাৰৰ সন্মুখত একাংশ স্থানীয় যুৱকৰ প্ৰতিবাদ ৷ বাহিৰৰ এজেঞ্চিৰ পৰা বাহন অধিগ্ৰহণ কৰি স্থানীয় লোকক বঞ্চিত কৰাৰ অভিযোগ নুমলীগড় শোধনাগাৰ(numaligarh refinery limited)ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ শোধানাগাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এগৰাকী সহকৰ্মী যুৱতীক ধৰ্ষণ কৰা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰিলে প্ৰতিবাদত বহা স্থানীয় যুৱক সকলে ৷

locals-protests-in-front-of-main-gate-of-nrl
থলুৱাক বঞ্চিত কৰি বহিৰাগতক সুযোগ দিয়া হয় নেকি NRL ত ?
author img

By

Published : Aug 17, 2021, 7:49 PM IST

গোলাঘাট, 17 আগষ্ট : নুমলীগড় শোধনাগাৰ(Numaligarh refinery limited)ৰ মূখ্যদ্বাৰত প্ৰতিবাদত নামিল স্থানীয় গাড়ী মালিক সন্থাৰ লগতে একাংশ স্থানীয় যুৱকে । ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘটেৰে নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰৰ সমুখত কৰিলে এই প্ৰতিবাদত । শোধনাগাৰটোত ল’ব লগীয়া বাহন সমুহ স্থানীয় লোকৰ পৰা নলৈ বাহিৰৰ এজেঞ্চিৰ পৰা অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷

বহিৰাগত এজেঞ্চিৰ পৰা এইদৰে গাড়ী অধিগ্ৰহণ কৰি থলুৱা যুৱকক বঞ্চিত কৰি অহা কাৰ্যৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ এইদৰে প্ৰতিবাদত নামিল নুমলীগড়ৰ স্থানীয় গাড়ী মালিক সন্থাৰ লগতে স্থানীয় যুৱকসকল । শীঘ্ৰেই শোধনাগাৰ কৰ্তৃপক্ষ আৰু কোম্পানী সমূহক স্থানীয় বাহন অধিগ্ৰহণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনায় প্ৰতিবাদকাৰী সকলে । ইফালে, নুমলীগড় শোধনাগাৰত কৰ্মৰত এজন জ্যেষ্ঠ বিষয়াই সহকৰ্মী যুৱতী অভিযন্তা এগৰাকীক ধৰ্ষণ কৰাৰ এক গুৰুতৰ অভিযোগো উত্থাপন কৰিলে প্ৰতিবাদকাৰী সকলে ।

থলুৱাক বঞ্চিত কৰি বহিৰাগতক সুযোগ দিয়া হয় নেকি NRL ত ?

ধৰ্ষণৰ এই ঘটনাৰ লগত শৰ্মা উপাধিৰ এগৰাকী জ্যেষ্ঠ বিষয়া জড়িত থকাৰ অভিযোগ তুলি উপযুক্ত তদন্তৰ জড়িয়তে দোষী বিষয়াগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰিলে দাবী ৷ লগতে এন আৰ এলত কৰ্মৰত মহিলা কৰ্মচাৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীও উত্থাপন কৰিলে প্ৰতিবাদকাৰী সকলে । অন্যথা স্থানীয় দল সংগঠন সমূহ একত্ৰিত হৈ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰয়োজন সাপেক্ষে এন আৰ এল(NRL)ৰ মূখ্যদ্বাৰ বন্ধ কৰি দিয়াৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক : নিৰাপত্তাহীনতাত আফগানিস্তানৰ মহিলাসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.