ETV Bharat / state

আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত গোলাঘাটত প্ৰতিবাদ - ধাৰাবাহিক

গোলাঘাটত শতাধিক ৰাইজৰ প্ৰতিবাদ ৷ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন দাসৰ আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ প্ৰতিবাদকাৰী ৰাইজে অনতিপলমে দোষীক উপয়ুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৷

Local People Protest In Golaghat
নিৰঞ্জন দাসৰ আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত গোলাঘাটত ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Sep 3, 2020, 6:27 PM IST

গোলাঘাট, 3 ছেপ্তেম্বৰ : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে গোলাঘাটৰ দেৰগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দেৰগাওঁ আঞ্চলিক অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন দাসৰ আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ প্ৰতিবাদকাৰী ৰাইজে অনতিপলমে দোষীক উপয়ুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৷ দোষী গ্ৰেপ্তাৰ নহলে ধাৰাবাহিকভাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে ৷

নিৰঞ্জন দাসৰ আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত গোলাঘাটত ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে, মঙলবাৰে নিশা দুৰ্বৃত্তই আক্ৰমন কৰিছিল নিৰঞ্জন দাসক । জানিব পৰা অনুসৰি, বৰ্তমান নিৰঞ্জন দাস গুৱাহাটীত চিকিৎসাধীন হৈ আছে । ইফালে, প্ৰতিবাদস্থলীৰ পৰা দাখিল কৰা হৈছে ৰাজহুৱা এজাহাৰ ।

লগতে পঢ়ক : গোলাঘাটৰ কমাৰগাঁৱত ১০০ গৰাকী কৃষকক বিতৰণ চৰকাৰী পাৱাৰ টিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.