ETV Bharat / state

মহিলাই কৰায়ত্ত কৰিলে পত্নীক হত্যাকাৰী স্বামীক - নুমলীগড়ত নিজ পত্নীক হত্যাৰ চেষ্টা

কৰায়ত্ত কৰি উত্তম মাধ্যম শোধাই স্থানীয় মহিলাই আৰক্ষীক গতাই দিলে নিজ পত্নীক হত্যাৰ চেষ্টা চলোৱা স্বামী মদন তাঁতীক ৷ সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে পত্নী পুতপুতি তাঁতীক ৷

local people caught the culprit being accused of murder attempt in numaligarh
মহিলাই কৰায়ত্ত কৰিলে পত্নীক হত্যাকাৰী স্বামীক
author img

By

Published : Aug 1, 2020, 10:49 PM IST

গোলাঘাট,1 আগষ্টঃ নিজ পত্নীক জীয়াই জীয়াই বোকাত পুতি হত্যাৰ চেষ্টা চলোৱা গোলাঘাট জিলাৰ নুমলীগড়ৰ পাষণ্ড স্বামীক কৰায়ত্ত কৰিলে গাঁৱৰ মহিলাই ৷ চেণ্ডেল,জোতা,লাঠিৰে উত্তম মাধ্যম শোধাই মহিলা সকলে নুমলীগড় আৰক্ষীক গতাই দিলে নৰাধম স্বামীক ৷ উল্লেখ্য যে,মদন তাঁতী নামৰ আটকাধীন নৰাধম অপৰাধীটোৱে কিছুদিন পূৰ্বে নিজ পত্নীৰ লগত সংঘাতৰ পাছত বোকাত পুতি হত্যাৰ চেষ্টা চলাইছিল নিজ পত্নীক ৷ এই ঘটনাৰ পাছতেই পলাতক অৱস্থাত আছিল মদন তাঁতী ৷

চিকিৎসাধীন অৱস্থাত থকা মহিলাগৰাকীৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান

অৱশেষত শনিবাৰে অভিযুক্তক নুমলীগড়ৰ পাৰ্বতীপুৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয় লনিজ গাঁৱৰ মহিলাসকলে ৷ কৰায়ত্ত কৰাৰ পাছতেই ক্ষোভত জ্বলি থকা মহিলা সকলে ৰনচণ্ডী ৰূপ ধাৰম কৰি মদন তাঁতীক উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ৷ আনফালে নিৰ্যাতিত পত্নী পুতপুতি তাঁতীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ চিকিৎসাধীন অৱস্থাত থকা মহিলাগৰাকীৰ চিকিৎসাৰ বাবে দল-সংগঠন তথা চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃবীৰাঙ্গনা সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৃষি মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.