বোকাখাত, 25 মে’: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) পানবাৰী এনিমেল ক’ৰিডত (Panbari Animal Corridor) বুধবাৰে পুৱতি নিশা গাড়ীৰ খুন্দাত এটা নাহৰফুটুকী বাঘৰ মৃত্যু হয় ৷ মৃত নাহৰফুটুকীটোৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ থকা পৰিলক্ষিত হয় ৷
ঘটনা অনুসৰি, পানবাৰীৰ এনিমেল ক’ৰিডৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে খুন্দিওৱাত প্ৰাপ্তবয়স্ক নাহৰফুটুকীটো আহত হয় (Leopard succumbs to injuries after hit by vehicle) ৷ আহত নাহৰফুটুকী বাঘটোৱে ঘটনাস্থলীৰ পৰা প্ৰায় 18 মিটাৰ উত্তৰলৈ গৈ মৃত্যুক সাৱতি লয় ৷ পুৱাৰ ভাগত স্থানীয় লোকে মৃত নাহৰফুটুকীটোক প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত বনকৰ্মী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰজু কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ঘটনাস্থলীৰ পৰা বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে (Deadbody of Leopard found in Kaziranga) ৷ লগতে এনিমেল ক’ৰিডৰত থকা চি চি টিভি কেমেৰাত গাড়ী খনৰ তথ্য পোৱা গৈছে বুলি DFO ৰমেশ কুমাৰ গগৈয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, পানবাৰী এনিমেল কৰিডৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত ইয়াৰ পূৰ্বেও একাধিক নাহৰফুটুকী বাঘৰ উপৰিও ঢেকীয়াপতীয়া বাঘৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছিল ৷
লগতে পঢ়ক: ত্ৰিপুৰা চৰকাৰে কৃষকৰ পৰা কিনিব 2 হাজাৰ মেট্ৰিক টন ধন