ETV Bharat / state

গোলাঘাট জিলাৰ বৰপথাৰত বাঘৰ আতংক

গোলাঘাট জিলাৰ বৰপথাৰত বাঘৰ আতংক (Leopard menace at Golaghat)৷ দিন দুপৰতে বাঘে গুৰতৰভাৱে আক্ৰমণ কৰে গেৰুকানি গাঁৱৰ এজন লোকক ৷

author img

By

Published : Jan 4, 2022, 9:48 PM IST

Updated : Jan 5, 2022, 9:12 AM IST

leopard-menace-at-golaghat
গোলাঘাট জিলাৰ বৰপথাৰত বাঘৰ আতংক

সৰুপথাৰ/গোলাঘাট, 4 জানুৱাৰী : গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানিত বাঘৰ আতংক(Leopard menace at Golaghat) ৷ সোমবাৰে দিন দুপৰতে টেঙানীৰ গেৰুকানি গাঁৱত বাঘৰ আক্ৰমণত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন লোক ৷

গুৰতৰভাৱে আঘাতপ্ৰাপ্ত লোকজন গেৰুকানি গাঁৱৰ গাঁওবুঢ়া দেৱজিৎ ফুকন বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বাগানত কাম কৰি থকা অৱস্থাত লোকজনক হঠাৎ চকুত আঘাত কৰে এটা নাহৰফুটুকী বাঘে(Leopard attack a person) ৷ ইয়াৰ পাছতে ছাগলী বান্ধিবলৈ যোৱা দুজন লোকে বাঘটোক প্ৰত্যক্ষ কৰি এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷

গোলাঘাট জিলাৰ বৰপথাৰত বাঘৰ আতংক

এই ঘটনাৰ পাছতে আঘাতপ্ৰাপ্ত দেৱজিৎ ফুকনক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইপিনে ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়া হয় যদিও বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী তথা স্থানীয় লোকে ৷ ইয়াৰ পাছতো মাত্ৰ তিনি জন বন কৰ্মীয়ে হাতত জেওৰা খুটি লৈ বাঘ খেদিবলৈ যোৱা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে স্থানীয় লোকে ৷

এই সমগ্ৰ ঘটনাৰ পিছত বৰ্তমান অঞ্চলটোত এক আতংকময় পৰিবেশে বিৰাজ কৰাৰ লগতে বাঘৰ আক্ৰমণৰ ঘটনাক লৈ তীৱ্ৰ চাঞ্চল্য সৃষ্টি হয় সমগ্ৰ গেৰুকানি গাঁৱত ৷

লগতে পঢ়ক : গোহালি নহয়; এইবাৰ ব্ৰইলাৰ ফাৰ্মত সোমাল বাঘ

Last Updated : Jan 5, 2022, 9:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.