গোলাঘাট, 14 ফেব্ৰুৱাৰী: জীৱশ্ৰেষ্ঠৰ আক্ৰমণত মৃত্যুক সাৱটিলে এটা নাহৰফুটুকীয়ে ৷ অভিযোগ অনুসৰি, গোলাঘাটৰ 5 নং থুৰাজানত একাংশ ৰাইজে খেদি খেদি নাহৰফুটুকীটোক হানি খুচি হত্যা কৰে ৷
ৰাইজে অভিযোগ কৰা মতে, নাহৰফুটুকীৰ আক্ৰমণত বিতু ভূমিজ আৰু সুৰজ বৰাইক নামৰ দুজন ব্যক্তি আহত হৈছে ৷ বনবিভাগে জানিবলৈ দিয়া মতে নাহৰফুটুকীটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পাছতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷
গোলাঘাটৰ জুৰীয়া দলং খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলটোত এনেদৰে নাহৰফুটুকী এটা এনেদৰে মানুহৰ নৃশসংতাৰ বলি হোৱাৰ ঘটনাক সচেতন মহলে সহজভাৱে ল'ব পৰা নাই ৷
লগতে পঢ়ক: চৰাইদেউত আলফা নেত্ৰীৰ আত্মসমৰ্পণ