ETV Bharat / state

দেৰগাঁৱত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

author img

By

Published : Jun 24, 2021, 10:26 PM IST

বৃহস্পতিবাৰে দেৰগাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷ আৰক্ষীয়ে অভিযান চলাই বিলাতী সুৰাৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত এগৰাকী মহিলাক আটক কৰাৰ লগতে এখন মটৰ চাইকেলখন জব্দ কৰে ৷

Large quantity of foreign liquor seized in Dergaon
দেৰগাঁৱত বৃহৎ পৰিমাণৰৰ বিলাতী সুৰা জব্দ

গোলাঘাট, 24 জুন : অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে দেৰগাঁও আৰক্ষীয়ে ৷ কিয়নো অভিযোগ অনুসৰি চুলাই ট্ৰেজেদীৰ পাচতো গোলাঘাট জিলাৰ বিভিন্ন ঠাইত অবৈধ ভাৱে বিলাতী সুৰা লগতে চুলাই মদৰ অবৈধ ব্যৱসায় অব্যাহত আছিল ৷

সেই অনুসৰি দেৰগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে এক অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা সহ এগৰাকী মহিলাক আটক কৰে ৷ তদুপৰি এখন মটৰ চাইকেলও জব্দ কৰে দেৰগাঁও আৰক্ষীয়ে ৷ উল্লেখ্য যে, দেৰগাঁৱত আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ বিপৰীতে এতিয়া প্ৰতিদিনেই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে দেৰগাঁও আৰক্ষীয়ে ৷

লগতে পঢ়ক: আমি সন্ত্ৰাসবাদী নহয় প্ৰতিবাদকাৰীহে : ভূপেন গগৈ

এই সন্দৰ্ভত দেৰগাঁও আৰক্ষীয়ে সদৰি কৰা মতে বৃহস্পতিবাৰে দেৰগাঁও আৰক্ষীৰ চক্ৰ পৰিদৰ্শক প্ৰশান্ত বৰা আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত চলোৱা অভিযানত ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰি তিনি আলিৰ ধীৰেণ যাদৱ নামৰ এজন লোকৰ দোকানৰ লগতে কুমলীয়া চাপৰিস্থিত যাদৱৰ বাসগৃহৰ পৰা বৃহৎ সংখ্যক অবৈধ বিলাতী সুৰা জব্দ কৰা হয়।

দেৰগাঁৱত বৃহৎ পৰিমাণৰৰ বিলাতী সুৰা জব্দ

যাদৱৰ বাসগৃহৰ পৰা লগতে উদ্ধাৰ কৰা এখন সন্দেহজনক মটৰচাইকেল । ইতিমধ্যে এই বিলাতী সুৰা অবৈধ ব্যৱসায়ৰ লগত এগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰিছে ৷ ইফালে এই ব্যৱসায়ৰ লগত জড়িত মূল অভিযুক্ত ধীৰেণ যাদৱ বৰ্তমান পলাতক হৈ আছে বুলি জানিবলৈ দিছে দেৰগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: 10 ছেপ্তেম্বৰত বজাৰলৈ আহিব ৰিলায়েন্স-গুগলৰ 4জি হেণ্ডছেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.