গোলাঘাট,22 এপ্ৰিল : ৰাজ্যত এফালে ক’ভিডৰ দ্ৰুত সংক্ৰমণ আৰু আনফালে ভেকচিনৰ নাটনি । ভেকচিন গ্ৰহণ কৰিবলৈ হেতা-ওপৰা লগাই বিমুখ হ’বলগীয়া হৈছে ৰাইজ । গোলাঘাটত ভেকচিনৰ নাটনিক লৈ পৰিলক্ষিত হৈছে একেই দৃশ্য ৷
ইফালে জিলাখনত 5 গৰাকীকৈ লেব টেকনিচিয়ান ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গোলাঘাট স্বাস্থ্য বিভাগ । বুধবাৰ পৰ্যন্ত গোলাঘাট জিলাত দ্বিতীয় লহৰত 209 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 144 গৰাকীৰ দেহত ক’ভিড সক্ৰিয় হোৱা বুলি জানিব পৰা গৈছে ৷
ক’ভিডত আক্ৰান্ত 45 গৰাকীকৈ লোক বৰ্তমান চিকিৎসাধীন হৈ আছে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত । উল্লেখ্য যে, এইপৰ্যন্ত জিলাখনত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে দুগৰাকীকৈ লোকৰ ৷
লগতে পঢ়ক : চৰাইদেউত তিনি আলফাৰ আত্মসমৰ্পণ