ETV Bharat / state

চিৰকাললৈ বন্ধ হ'ব শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল

চিৰকাললৈ বন্ধ হোৱাৰ পথত শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল ৷ 1990 চনৰ 26 আগষ্টত মুকলি কৰা হৈছিল এই সূতাকলটো ৷ কিন্তু মাত্ৰ 3 বছৰ কাৰ্যক্ষম হৈ থকাৰ অন্তত 1993 চনৰ জুন মাহত বন্ধ হৈ পৰিছিল সূতাকলটো ৷ অদক্ষ পৰিচালনাৰ বাবে কলটো বন্ধ হৈ পৰাৰ ফলত সেই সময়ত চাকৰি হেৰুৱাইছিল কলটোত কৰ্মৰত কেইবা শ কৰ্মচাৰীয়ে ৷

kushal konwar thread mill
শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল
author img

By

Published : Jan 24, 2020, 7:51 PM IST

গোলাঘাট, 24 জানুৱাৰী : জাগীৰোড আৰু কাছাৰ কালৰ পাচত এইবাৰ চিৰকাললৈ বন্ধ হোৱাৰ পথত শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল ৷ আগন্তুক গণৰাজ্য দিৱসত অন্তিম বাৰলৈ জাতীয় পতাকা উৰিব 1990 চনতেই প্ৰতিষ্ঠা কৰা সূতাকলটোত হয় ৷ ডাঠ হাবি-জংঘলেৰে আৱৰি ধৰিছে গোলাঘাটৰ ডাবি ডুবিত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলটো ৷

kushal konwar thread mill
কুশল কোঁৱৰ সমবায় সূতাকল

1990 চনৰ 26 আগষ্টত মুকলি কৰা হৈছিল এই সূতাকলটো ৷ কিন্তু মাত্ৰ 3 বছৰ কাৰ্যক্ষম হৈ থকাৰ অন্তত 1993 চনৰ জুন মাহত বন্ধ হৈ পৰিছিল সূতাকলটো ৷ অদক্ষ পৰিচালনাৰ বাবে কলটো বন্ধ হৈ পৰাৰ ফলত সেই সময়ত চাকৰি হেৰুৱাইছিল কলটোত কৰ্মৰত কেইবা শ কৰ্মচাৰীয়ে ৷ কিন্তু 1993 চনতেই বন্ধ হৈ পৰিলেও আজিও বিনাবেতনেৰে কলটো সুৰক্ষা দি আহিছে আঠ গৰাকী সুৰক্ষা কৰ্মী নোমল গগৈ,কালিমুদ্দিন আহমেদ,এটোৱা মূড়া,অনিল ঠাকুৰ,ৰবি তুৰী,বুদ্ধেশ্বৰ তাঁতী,বিহুৰাম ৰাজগড় আৰু ৰঘু তাঁতীয়ে ৷ পিচে এইবাৰৰ গণৰাজ্য দিৱসৰ পাচৰ পৰা সূতা কলটোৰ সুৰক্ষাৰ দ্বায়িত্বত নাথাকে এইকেইগৰাকী সুৰক্ষা কৰ্মী ৷

kushal konwar thread mill
কুশল কোঁৱৰ সমবায় সূতাকলৰ সুৰক্ষা কৰ্মী

অসম গণ পৰিষদৰ কাৰ্যসকালতে প্ৰতিষ্ঠা আৰু বন্ধ হৈ পৰা 656 বিঘা 2 কঠা 13 লেচা মাটি আৱৰি থকা সূতাকলটোৰ চৌহত বৰ্তমান হাবি জংঘলেৰে ভৰি পৰাৰ লগতে বাঘ, শিয়াল, সাপ আদিৰ বাসস্থান হৈ পৰিছে ৷ সূতাকলটোত মুঠ 159 গৰাকী স্থায়ী কৰ্মচাৰী, 150 গৰাকী অস্থায়ী কৰ্মচাৰীৰ উপৰিও এহেজাৰৰো অধিক শ্ৰমিক নিয়োজিত হৈ আছিল ।

শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল

কলটো বন্ধ হৈ পৰাৰ পিচত অভাৱত পৰি ইতিমধ্যে বহু কেইজনে আত্মহত্যা কৰাৰ লগতে মুঠ 22 জন কৰ্মচাৰীৰ মৃত্যু হৈছে । অহা 26 জানুৱাৰীয়েই হ'ব শ্বহীদ কুশল কোঁৱৰ সূতাকলৰ অস্তিত্ব ৰক্ষাৰ শেষ সময় । ৰখীয়া বিহীন হৈ পৰিব শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল । বৰ্তমানৰ চৰকাৰে কি ব্যৱস্থা লয় সেইয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক : পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈ

Intro:অস্তিত্বৰ সংকটত শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল। ২৬ জানুৱাৰীত শেষবাৰলৈ পতাকা উত্তোলন হব শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলত। বিনা বেতনে কাম কৰি অহা আঠ গৰাকী সুৰক্ষা কৰ্মীয়ে শেষ বাৰলৈ উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।

Body:জাগীৰোড, কাছাৰ কাগজ কলৰ পিছত এইবাৰ অস্তিত্বৰ সংকটত গোলাঘাটৰ ডাবিডুবিত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলৰ। দীৰ্ঘদিনতে বন্ধ হৈ পৰা সূতাকলটো ৮ জন সুৰক্ষা কৰ্মীয়ে বিনাবেতনে সুৰক্ষা প্ৰদান কৰি আহিছিল। সুৰক্ষা কৰ্মী নুমল গগৈ, কালিমুদ্দিন আহমেদ, এতুৱা মুড়া, অনিল ঠাকুৰ, ৰবি তুৰী, বুদ্ধেশ্বৰ তাঁতী, বিহুৰাম ৰাজগড় আৰু ৰঘু তাঁতীয়ে জনালে ২৬ জানুৱাৰীত শেষ বাৰৰ বাবে পতাকা উত্তোলন কৰাৰ কথা। ১৯৯০ চনৰ ২৬ আগষ্টত মুকলি কলটো মাত্ৰ ৩ বছৰ চলি ১৯৯৩ চনৰ জুন মাহত বন্ধ হৈ পৰে। অদক্ষ পৰিচালনাৰ বাবেই ১৯৯৩ চনত বন্ধ হৈ পৰিছিল শ্বহীদ কুশল কোঁৱৰ সূতাকলটো। সূতাকলটো বন্ধ হৈ পৰাৰ ফলত ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ কেইবাশ কৰ্মচাৰী নিবনুৱা হৈ পৰে। গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত ডাবিডুবিত অৱস্থিত সূতাকলটো অসম গণ পৰিষদ চৰকাৰৰ কাৰ্যকালত স্থাপন হৈছিল। ৬৫৬ বিঘা ২ কঠা ১৩ লোছা মাটিত অৱস্থিত সূতা কলটো বৰ্তমান সময়ত হাবি জংঘলৰে ভৰি পৰাৰ লগতে বাঘ, শিয়াল, সাঁপ আদিৰ বাসস্থান হৈ পৰিছে। অৱশ্যে আজিও উক্ত ৮ জন সুৰক্ষা কৰ্মীয়ে পাল পাতি দিনে নিশাই পহৰা দি আহিছে। সূতাকলটোত মুঠ ১৫৯ গৰাকী স্থায়ী কৰ্মচাৰী, ১৫০ গৰাকী অস্থায়ী কৰ্মচাৰী উপৰিও এহাজাৰৰো অধিক শ্ৰমিক নিয়োজিত হৈ আছিল। কলটো বন্ধ হৈ পৰাৰ পিছত অভাৱত পৰি ইতিমধ্যে বহু কেইজনে আত্মহত্যা কৰাৰ লগতে মুঠ ২২ জন কৰ্মচাৰীৰ মৃত্যু হৈছে। অহা ২৬ জানুৱাৰীয়েই হব শ্বহীদ কুশল কোঁৱৰ সূতাকলৰ অস্তিত্ব ৰক্ষাৰ শেষ সময়। ৰখীয়া বিহীন হৈ পৰিব শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল। বৰ্তমানৰ চৰকাৰে কি ব্যৱস্থা লয় সেইয়াই হব লক্ষণীয়।

Conclusion:Deferred Live
Byte 1: সুৰক্ষা কৰ্মী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.