গোলাঘাট, 8 জানুৱাৰী : বিকশিত ভাৰত, সংকল্প যাত্ৰা অভিযানৰ অংশ হিচাপে আজি অৰ্থাৎ সোমবাৰে দেৰগাঁৱৰ সমীপৱৰ্তী গণকপুখুৰীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু । খুমটাই সমষ্টিৰ অন্তৰ্গত গোলাঘাট কেন্দ্ৰীয় উন্নয়ন খণ্ড কঠালগুৰিৰ দক্ষিণ গুৰযোগনীয়া গাঁও পঞ্চায়তৰ অধীনস্থ গণকপুখুৰীত আয়োজিত এখন বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
সোমবাৰে আয়োজিত এই সজাগতা সভাত কৃষি, স্বাস্থ্য, জনস্বাস্থ্য উদ্যোগ-বাণিজ্য পশু-পালন আদিকে ধৰি বিভিন্ন চৰকাৰী বিভাগে অংশগ্ৰহণ কৰে । এই সজাগতা সভাত স্থাপন কৰা অস্থায়ী কেন্দ্ৰসমূহৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাসমূহ গ্ৰহণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহ থিতাতে সমাধান কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয় ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ভাষণ প্ৰসংগত কয়, ‘‘পূৰ্বতে কেন্দ্ৰীয় মন্ত্ৰী কেৱল ৰাজধানীলৈ আহে, কিন্তু বিজেপি চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী গাঁৱলৈ আহি ৰাইজৰ লগত মত-বিনিময় কৰে’’ । লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এই অনুষ্ঠানত চৰকাৰী আঁচনিৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণ আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷
সভাত ভ্ৰাম্যমাণ বাহনখনৰ জৰিয়তেও কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণ আঁচনিসমূহৰ তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় । এই সভাত অংশগ্ৰহণ কৰা মহিলা হিতাধিকাৰীসকলে বিভিন্ন আঁচনিৰ পৰা উপকৃত হোৱা বুলি প্ৰকাশ কৰে ৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে খুমটাই সমিষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসৰ লগতে কেবাগৰাকী চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে ।
এই সভাতেই ভিডিঅ’ ক’নফাৰেন্সৰ যোগেদি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা বিকশিত ভাৰতৰ সংকল্প যাত্ৰাৰো কিয়দংশ প্ৰদৰ্শন কৰা হয় ।
লগতে পঢ়ক : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ বিজেপি শংকিত হৈছে : গৌৰৱ গগৈ