খুমটাই্, 18 এপ্ৰিল :গোলাঘাট জিলাৰ খুমটাইৰ এলেংমুৰীয়া গাঁৱৰ দুই ভাতৃৰ মহানুভৱতা ৷ দেশজুৰি ঘোষণা কৰা লক ডাউনৰ ফলত খাদ্য সংকটে দেখা দিয়া প্ৰায় ১০০ টা দৰিদ্ৰ পৰিয়ালক নিজা সাধ্যানুসৰি দুই ভাতৃয়ে সহায় কৰে । খুমটাইৰ এলেংমুৰীয়া গাঁৱৰ প্ৰাঞ্জল দত্ত আৰু প্ৰীতম দত্ত নামৰ দুই ভাতৃয়ে সহায় কৰিলে বহুলোকক ৷ লক ডাউনৰ ফলত এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে স্তব্ধ হৈ পৰিছে অসমো ৷ তেনে সময়ত বহু পৰিয়াল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷ দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই থকা পৰিয়ালসমূহক সহায়ৰ বাবে আগবাঢ়ি আহিল খুমটাইৰ এলেংমুৰীয়া গাঁৱৰ দুই ভাতৃ ৷ এলেংমুৰীয়া গাঁৱৰ প্ৰাঞ্জল দত্ত আৰু প্ৰীতম দত্ত নামৰ ভাতৃদ্বয়ে সমীপৱৰ্তী গাঁও কেইখনৰ প্ৰায় ১০০ টা দৰিদ্ৰ পৰিয়ালক চাউল,দাইল,আলু,পিঁয়াজ,আটা,চাবোন আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে ৷
যিসময়ত ৰাজ্যখনত লক ডাউনৰ ফলত বহুতো পৰিয়াল যথেষ্ট কষ্টৰ সন্মুখীন হ’ব লগা হৈছে তেনে সময়ত খুমটাইৰ এলেংমুৰীয়া গাঁৱৰ এই দুই ভাতৃৰ কাৰ্যক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক :সামাজিক দুৰত্ব বজাই ৰাখি শাৰী পাতিলে ফাৰ্মাচীত মন্ত্ৰী ৰণজিৎ দত্তই