ETV Bharat / state

ল’ক ডাউন: ৰবি শস্যৰ ওপৰত পৰিছে ঋণাত্মক প্ৰভাৱ - ল’ক ডাউনৰ ফলত সকলো শস্য নষ্ট হৈ পৰিছে।ইয়াৰ ফলত তেওঁলোকৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।

খুমটাইৰ বুটলিখোৱা গাঁৱৰ বিপ্লৱ শইকীয়া আৰু জীতেন শৰ্মা নামৰ দুজন শিক্ষিত যুৱকে প্ৰায় ৭০ বিঘা মাটিত ৰবি শস্যৰ কৰিছিল । ল’ক ডাউনৰ ফলত সকলো শস্য নষ্ট হৈ পৰিছে । ইয়াৰ ফলত তেওঁলোকৰ জীৱনলৈ নামি আহিছে কাল অমানিশা ।

khumtai-two-farmar-trazadi
খুমটাইত ল’ক ডাউনৰ ফলত খেতিয়কৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।
author img

By

Published : Mar 30, 2020, 4:42 PM IST

খুমটাই, 30 মাৰ্চ : কৰ’ণা ভাইৰাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনীয়া ল’ক ডাউন ঘোষণা কৰাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষকসকল ৷ খুমটাইৰ বুটলীখোৱা গাঁৱৰ বিপ্লৱ শইকীয়া আৰু জীতেন শৰ্মা নামৰ দুগৰাকী শিক্ষিত যুৱকে প্ৰায় ৭০ বিঘা মাটিত কৰিছিল ৰবি শস্যৰ খেতি ৷ কিন্তু সমগ্ৰ ভাৰতবৰ্ষ ল’ক ডাউনৰ ফলত খেতিয়ক দুজনৰো জীৱনলৈ নামি আহিছে কাল অমানিশা ৷

খুমটাইত ল’ক ডাউনৰ ফলত খেতিয়কৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।

খেতিপথাৰতেই গেলি গৈছে হাজাৰ হাজাৰ ৰঙালাউ, বিলাহী আদি ৷ যুৱকদ্বয়ে এই কৃষিকৰ্মৰ বাবে ধাৰ-ঋণ লৈ এতিয়া উৎপাদিত কৃষি সামগ্ৰীসমূহ বিক্ৰী কৰিব নোৱাৰি মুৰে কপালে হাত দিব লগা হৈছে ৷ খুমটাইত সেউজ বিপ্লৱৰ সূচনা কৰা এই দুজন যুৱকৰ চকুত এতিয়া চকুপানীহে নিগৰিছে ৷ তেওঁলোকৰ এতিয়া চৰকাৰ তথা কৃষি বিভাগলৈ অনুৰোধ কিবা এটা সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰক তেওঁলোকক ৷ অন্যথা যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব তেওঁলোক ৷

লগতে পঢক : লক ডাউনঃ দেশৰ বিভিন্ন চহৰ-মহানগৰত থকা প্ৰবাসী শ্ৰমিকৰ শেহতীয়া পৰিস্থিতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.