ETV Bharat / state

সামাজিক দুৰত্ব বজাই ৰাখি কাম আৰম্ভ কৰে চাহ শ্ৰমিকে

খুমটাই শাওঁতলী চাহ বাগিছাত চাহ শ্ৰমিকসকলে সামাজিক দুৰত্ব বজাই ৰাখি চাহপাত তোলাৰ কাম আৰম্ভ কৰে ৷ ইফালে আটছাৰ সদস্যসকলে বাগিচাই বাগিচাই গৈ কোভিড-19ৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰি সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে শ্ৰমিকসকলক সন্থাটোৰ তৰফৰ পৰা মাস্ক প্ৰদান কৰে ।

author img

By

Published : Apr 17, 2020, 6:16 PM IST

সামাজিক দূৰত্ব বজাই ৰাখি কাম আৰম্ভ কৰে চাহ শ্ৰমিকে
সামাজিক দুৰত্ব বজাই ৰাখি কাম আৰম্ভ কৰে চাহ শ্ৰমিকে

খুমটাই, 17 এপ্ৰিল: লকডাউনৰ ফলত ৰাজ্যৰ উদ্যোগসমূহে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হোৱা হেতুকে অৱশেষত ৰাজ্য চৰকাৰে চাহ উদ্যোগসমূহত পুনৰ কাম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে ৷ খুমটাইৰ শাঁওতলী চাহ বাগিছাত চাহ শ্ৰমিকসকলে চৰকাৰৰ নিৰ্দেশ মানি মাস্ক পৰিধান কৰে আৰু এক মিটাৰ দুৰত্ব অৱলম্বন কৰি চাহপাত তোলা কাম আৰম্ভ কৰে ৷

বাগিছাখনৰ ৫০% শ্ৰমিকে কামত নিয়োজিত হোৱাৰ লগতে সঘনাই হাত ধোৱা,মাস্ক পৰিধান কৰা আৰু সামাজিক দুৰত্ব মানি চলা দেখিবলৈ পোৱা গৈছে ৷ মুঠতে চাহ বাগিচাসমূহত যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি বাগিচাই বাগিচাই আটছাৰ সদস্যসকলে শ্ৰমিকসকলক কোভিড-19ৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰি সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায় আৰু শ্ৰমিকসকলৰ বাবে মাস্কৰ যোগান ধৰে ৷

লগতে পঢ়ক : কৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.