খুমটাই, 3 জুলাইঃ দেশত চৰকাৰে বৃদ্ধি কৰা পেট্ৰ'ল ডিজেলৰ মূল্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটৰ খুমটাইতো সাব্যস্ত কৰা হয় প্ৰতিবাদ । কঠালগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা মহিলা কংগ্ৰেছৰ সম্পাদিকা বিস্মিতা গগৈ । প্ৰতিবাদকাৰী সকলে চাৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ । প্ৰতিবাদৰ শেষত খুমটাই ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ পেৰণ কৰে প্ৰতিবাদকাৰী সকলে ।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি বৃদ্ধি পাই আছে পেট্ৰ'ল ডিজেলৰ মূল্য । যাৰ ফলত অত্যৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰটো মূল্যবৃদ্ধি হোৱা দেখা গৈছে । লক ডাউনত অৰ্থিকভাৱে জুৰুলা হোৱা সাধাৰণ জনতাক এই মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে ।
লগতে পঢ়ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ