ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ অধিৱেশনক লৈ ব্যস্ত বিশেষ ভকত বৈষ্ণৱগৰাকী - Khagen Barua the Baishnav news

আগন্তুক ফেব্ৰুৱাৰী মাহত গোলাঘাট জিলাৰ কমাৰগাঁও বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89 সংখ্যক অধিৱেশন ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ মাজত তিনিটা মাহ বাকী থকা অৱস্থাতে বিশেষ ব্যস্ত হৈ পৰিছে এগৰাকী ভকত বৈষ্ণৱ ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ বাবে ফুলৰ খেতি ভকত বৈষ্ণৱৰ
author img

By

Published : Nov 10, 2019, 2:54 AM IST

গোলাঘাট, 9 নৱেম্বৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89সংখ্যক অধিৱেশনলৈ মাজত তিনিটা মাহ বাকী থকা সময়ত বিশেষভাৱে ব্যস্ত হৈ পৰিছে এগৰাকী ভকত বৈষ্ণৱ ৷ গোলাঘাট জিলাৰ কমাৰগাঁও বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহৰ 5, 6 আৰু 7 তাৰিখত অনুষ্ঠিত হ'ব সংঘৰ 89সংখ্যক অভিৱেশন ৷ অধিৱেশনৰ বাবে ব্যস্ত হৈ পৰা ভকত বৈষ্ণৱগৰাকী হৈছে কমাৰগাঁৱৰ তৰুণ নগৰ অঞ্চলৰ খগেন বৰুৱা ৷

লগতে পঢ়কঃ উত্তৰ-পূৱ গ্ৰন্থমেলাত বিশিষ্ট ৰোমান্টিক ঔপন্যাসিক দূৰ্জয় দত্ত

খগেন বৰুৱাই দিন-ৰাতি একাকাৰ কৰি একক প্ৰচেষ্টাৰে বিগত চাৰিমাহ ধৰি হাজাৰ হাজাৰ ফুলৰ খেতি কৰিছে ৷ ইটিভি ভাৰতৰ স্থানীয় সাংবাদিকৰ আগত ভকত বৈষ্ণৱগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই বৰুৱাই এইদৰে নিজৰ খেতি মাটিত ফুলৰ খেতি কৰি আহিছে ৷ সংঘৰ অধিৱেশনৰ বাবে প্ৰয়োজনীয় সকলো ফুল যোগান ধৰাৰ বাবেই নিজেই দায়িত্বগ্ৰহণ কৰি এইদৰে ফুলৰ খেতিত নামি পৰিছে বৈষ্ণৱগৰাকী ৷ নাৰ্জী, তগৰ, গোলাপ, ইন্দ্ৰমালতী আদিকে বিভিন্ন ফুলৰ খেতি কৰি সেই ফুলেৰে অধিৱেশনৰ মুল মণ্ডপৰ লগতে বাটচৰা সজাই তুলিবৰ বাবে খগেন বৰুৱাই খেতি কৰা বুলি স্থানীয় সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ বাবে ফুলৰ খেতি ভকত বৈষ্ণৱৰ

এইদৰেই সমগ্ৰ বোকাখাট, নুমলীগড় ,কমাৰগাঁও, খুমতাই অঞ্চলত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ তম অধিৱেশনক লৈ ব্যস্ত হৈ পৰিছে সকলো । 2020 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 5, 6 আৰু 7 তাৰিখত কমাৰগাঁও বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব সংঘৰ 89সংখ্যক অধিৱেশন ৷

Intro:গোলাঘাট ত ৮৯ তম শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ মূল অধিবেশনৰ ব্যাপক প্ৰস্ততি । খগেন বৰুৱা নামৰ এজন লোকে বিনামূল্যে শ্ৰম কৰি প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ ফুল গছ । কিন্তু কিয় ?

এইবাৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন অনুষ্ঠিত হব গোলাঘাট কমাৰগাঁওৰ বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত । অধিৱেশন ভাগলৈ মাজত মাথোঁ তিনিটা মাহ । লক্ষ লক্ষভকত প্ৰাণ বৈষ্ণৱৰ আগমন ঘটিব এই কাজিৰঙা সমন্বয় ক্ষেত্ৰত ।দ্বীতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হব এই সমন্বয় ক্ষেত্ৰ । আৰু এই অধিবেশনৰ বাবে কমাৰগাঁওৰ তৰুণ নগৰ অঞ্চলৰ খগেন বৰুৱা নামৰ এজন লোকে মূল মণ্ডপ আৰু বাটচৰা সজাবলৈ সাজু কৰি তুলিছে বিভিন্ন ফুলৰ গছ । দিন ৰাতি একাকাৰ কৰি এই লোক জনে কৰিছে বিভিন্ন ধৰণৰ হাজাৰ হাজাৰ ফুলৰ খেতি । নাৰ্জী, তগৰ, গোলাপ, ইন্দ্ৰমালতী আদি ফুলৰ পুলি ৰোপণ কৰি প্ৰস্তুতি চলাইছে মণ্ডপ আৰু বাটচৰা সজাবলৈ । এই সমূহ ফুলৰ গছেৰে নিজ হাতে বিনামূলীয়া কৈ এই ৮৯ সংখ্যক অধিৱেশন ভাগ সুন্দৰ কৈ সজাই তোলাৰ প্ৰস্তুতি কৰিছে । মূলত নিজ গাঁঠিৰ ধন ভাঙি এনেদৰে সেৱা আগবঢ়োৱাৰ কথা চিন্তা কৰা খগেন বৰুৱা এতিয়া হৈ পৰিছে সকলোৰে প্ৰশংসাৰ পাত্ৰ । বৰুষয়াগোলাঘাট জিলাৰ শংকৰ সংঘৰ লোক সকলৰ লগতে  শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিভিন্ন প্ৰাথমিক শাখাৰ লোক সকল । এনেদৰে এতিয়া ঘৰৰ কামবন ত্যাগ কৰি পুৰুষ, যুৱকৰ মহিলা, যুৱতী সকলো এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে এই  শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ তম অধিৱেশনৰ প্ৰস্তুতিত । এনেদৰে এতিয়া সমগ্ৰ বোকাখাট, নুমলীগড় ,কমাৰগাঁও, খুমতাই অঞ্চলত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ তম অধিৱেশনক লৈ ব্যস্ততাৰ অন্ত নাই সকলোৰে । Body:Byte 1_খগেন বৰুৱাConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat,অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.