ETV Bharat / state

Tense situation in Kaziranga: মৃতদেহ সৎকাৰক লৈ কাজিৰঙাৰ হালধিবাৰীত উত্তেজনা - কাজিৰঙাৰ হালধিবাৰীত উত্তেজনা

কাজিৰঙাৰ হালধিবাৰীত বৃহস্পতিবাৰে উদ্ভৱ হয় এক উত্তেজনাময় পৰিস্থিতিৰ(Tense situation in Kaziranga) । মৃতদেহ সৎকাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বাধা প্ৰদান কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । বন বিভাগৰ কঠোৰ নীতিৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । অৱশেষত বুজাবুজি অনুসৰি অন্যস্থানত সৎকাৰ কৰা হয় মৃতদেহ ।

Kaziranga National Park authorities obstruct last rites
কাজিৰঙাৰ হালধিবাৰীত উত্তেজনা
author img

By

Published : Nov 18, 2022, 8:22 AM IST

কাজিৰঙা,১৮ নৱেম্বৰ: সততে বন বিভাগৰ সৈতে সংঘাতত লিপ্ত হয় কাজিৰঙাৰ দাতিকাষৰীয়া ৰাইজ । বন বিভাগৰ কঠোৰ নীতিৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কাজিৰঙাৰ স্থানীয় ৰাইজে । এইবাৰ কাজিৰঙাৰ হালধিবাৰীত অন্তিম সৎকাৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বাধা প্ৰদান কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tense situation in Kaziranga) ।

কাজিৰঙাৰ হালধিবাৰীত উত্তেজনা

জানিব পৰা মতে স্থানীয় যুৱক বিনোদ ওৰাঙৰ অন্তিম সৎকাৰ কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱাৰ সময়তে বৃহস্পতিবাৰে বন বিভাগৰ লোক সেই ঠাইত উপস্থিত হৈ অন্তিম সৎকাৰ কৰাত ৰাইজক বাধা প্ৰদান কৰে(Kaziranga National Park authorities obstruct last rites) । তাৰ পিছতেই বন বিভাগ আৰু স্থানীয় ৰাইজৰ মাজত সংঘাতৰ সূত্ৰপাত হয় । অন্তিম সৎকাৰত বাধা দিয়াক লৈ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

উল্লেখ্য যে উক্ত স্থানত পূৰ্বেও অন্তিম সৎকাৰ কৰা হৈছিল যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম সংযোজনৰ অধীনৰ হোৱা বাবে বৰ্তমান সেই ঠাইত অন্তিম সৎকাৰ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে বন বিভাগে । ২০১৯ চনত হালধিবাৰীৰ অন্তিম সৎকাৰ কৰাৰ স্থান অন্তৰ্ভুক্ত হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ।

কিন্তু ৰাইজৰ অভিযোগ ম্যাদী পট্টা থকা ভূমি বন বিভাগলৈ হস্তান্তৰ হ'ল যদিও আজিলৈ ৰাইজে ভূমিৰ ক্ষতিপূৰণ নাপালে । অৱশেষত বন বিভাগ আৰু ৰাইজৰ মাজত বুজাবুজি অনুসৰি অন্য স্থানলৈ অন্তিম সৎকাৰৰ বাবে লৈ যোৱা হয় মৃতদেহ ।

লগতে পঢ়ক: TET pass candidates protest at Sachal: মহানগৰীৰ চচলত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.