গোলাঘাট, 12 মে' : অৱশেষত কৰুণ মৃত্যুক সাৱটিলে কাজিৰঙাৰ আঘাতপ্ৰাপ্ত হাতীটোয়ে । উন্নত চিকিৎসাৰ অভাৱত কাজিৰঙাত মৃত্যু হ'ল আঘাতপ্ৰাপ্ত গজৰাজৰ। জানিব পৰা মতে, প্ৰায় ১৫ দিনৰ পূৰ্বেই দুষ্কৃতিকাৰীৰ আক্ৰমণত ভৰিত আঘাত পাইছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা বনৰীয়া হাতীয়ে ৷
পৰৱৰ্তী সময়ত, কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ অধীনৰ তেতেলীগুৰি বনশিবিৰৰ সমীপৰ এটা হোলাত হাতীটো আৱদ্ধ হৈ পৰে আঘাতপ্ৰাপ্ত হাতীটো । সোমবাৰে বনবিভাগৰ চিকিৎসকৰ দলে ঘটনাস্থলীত উপস্থিত হৈ হাতীটোক চিকিৎসা কৰে যদিও হোলাটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম নহয় । অৱশেষত আঘাতৰ যন্ত্ৰণাত মৃত্যু হয় বনৰীয়া হাতীটোৰ।