ETV Bharat / state

ননৈ চাহ বাগিচাত কৰম পূজা উদযাপন - ৷ কলিয়াবৰৰ ননৈ চাহ বাগিচাত কৰম পূজা

কলিয়াবৰৰ ননৈ চাহ বাগিচাত কৰম পূজা উপলক্ষে বিশেষ কাৰ্য‍সূচীৰ আয়োজন

ননৈ চাহ বাগিচাত কৰম পূজা উদযাপন
author img

By

Published : Sep 15, 2019, 11:42 PM IST

কলিয়াবৰ, 15 ছেপ্তেম্বৰ : অসমৰ চাহ বাগিছা সমূহত এতিয়া কৰম পূজাৰ বতৰ ৷ সকলোতে উখল মাখল পৰিৱেশ ৷ কলিয়াবৰৰ ননৈ চাহ বাগিচাত কৰম পূজাৰ বিশেষ কাৰ্য‍সূচী ৷ শণিবাৰে কৰম পূজাৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে । মুখ্যতঃ গাভৰুসকলে আগভাগ লোৱা কৰম পূজাৰ "জাৱা জগোৱা" নামৰ অনুষ্ঠানটোৰে আৰম্ভ হয় কৰম পূজাৰ কাৰ্যসূচী । ঝুমুৰৰ তালে-তালে ডেকা-গাভৰুৰ নৃত‍্যৰ আনন্দ উপভোগ কৰে উপস্থিত সহস্ৰজনে ।

Intro:চাহ জনগোষ্ঠীৰ কৰম পূজাৰ আয়োজন

ননৈ চাহ বাগিচাত কৰম পূজাৰ বিশেষ কাৰ্য‍্যসূচীBody:মানৱ জীৱনৰ উৎকৰ্ষৰ বাবে শনিবাৰে নিশা চলিল কৰম পূজাৰ "আখৰা বন্দনা।

"আখৰা বন্দনা কৰি
সৰস্বতী মাকে ধৰি
আখৰা বন্দনা কৰি
মদনে ঝুমুই লাগল ভাৰী।"

"কৰম কৰম কহলে আয়ো
কৰম কৈ-দি কৈসে আয়ো
শাওন ভাদ চইলে গেল ৰে
কুমাৰী ছড়ী কৰম গাড়েৰে।"

কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সাৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মূখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়।

ভাদ বা আহিন মাহৰ শুক্লা একাদশী তিথিত পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি পূজা আৰম্ভ কৰা হয়। এই পূজাত মূলতঃ ধৰ্ম আৰু কৰ্মৰ জৰিয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ বিচৰা হয়।

কলিয়াবৰৰ ননৈ চাহ বাগিচাতো শনিবাৰৰে পৰা তিনিদিনীয়াকৈ ওলহ-মালহেৰে কৰম পূজাৰ আয়োজন কৰিছে। শনিবাৰে কৰম পূজাৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে।

মুখ্যতঃ গাভৰুসকলে আগভাগ লোৱা কৰম পূজাৰ "জাৱা জগোৱা" নামৰ অনুষ্ঠানটোৰে শণিবাৰে আনুষ্ঠানিকভাবে কৰম পূজাৰ শুভাৰম্ভণী হয়।

ঝুমুৰৰ তালে-তালে ডেকা-গাভৰুৰ নৃত‍্যৰ আনন্দ উপভোগ কৰে উপস্থিত সহস্ৰজনে।
Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.