ETV Bharat / state

তীব্ৰবেগী বাহনৰ খুন্দাত আহত পহু

author img

By

Published : Jul 13, 2020, 1:10 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বানে বুৰাই পেলোৱাৰ পিছত ওখ তথা নিৰাপদ স্থানৰ সন্ধানত বন্যপ্ৰাণীসমূহ ধাপলি মেলিছে বিভিন্ন অঞ্চললৈ ৷ কিন্তু ইয়াৰ মাজতে তীব্ৰ বেগী এখন বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হয় উদ্য়ানখনৰ পৰা ওলাই অহা এটি পহু ৷ আঘাতপ্ৰাপ্ত পহুটো বনকৰ্মীৰ লগতে স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

kajiranga flood animal rescue golaghat assam etv bharat news
তীব্ৰবেগী বাহনৰ খুন্দাত আহত পহু

গোলাঘাট,13 জুলাই: বাৰিষাৰ দ্বিতীয়টো বানত সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ফলত আলৈ-আথানি নোহোৱা হৈছে বন্যপ্ৰাণীসমূহৰ ৷ সমগ্ৰ উদ্য়ানখন বানে বুৰাই পেলোৱাৰ পিছত ওখ তথা নিৰাপদ স্থানৰ সন্ধানত বন্যপ্ৰাণীসমূহ ধাপলি মেলিছে বিভিন্ন অঞ্চললৈ ৷ বিশেষকৈ বন্যপ্ৰাণীসমূহ উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্চৰ সমীপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰমি ধাপলি মেলিছে কাৰ্বি পাহাৰলৈ ৷

তীব্ৰবেগী বাহনৰ খুন্দাত আহত পহু

সোমবাৰে পুৱা এনেকুৱা দৃশ্য দেখা যায় পাণবাৰীস্থিত এনিমেল কৰিড’ৰত ৷ উদ্যানখনৰ বনকৰ্মীসকলৰ তৎপৰতাত যান-বাহনসমূহ গতি ৰোধ কৰি বিচৰণৰ সুবিধা কৰি দিয়া হয় বন্যপ্ৰাণীসমূহক ৷ কিন্তু ইয়াৰ মাজতে তীব্ৰ বেগী এখন বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হয় উদ্য়ানখনৰ পৰা ওলাই অহা এটি পহু ৷ আঘাতপ্ৰাপ্ত পহুটো বনকৰ্মীৰ লগতে স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

লগতে চাওকঃ বকো নৈত উদ্ধাৰ নিৰুদ্দিষ্ট ব্যক্তিৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.