ETV Bharat / state

Jyoti Sangeet Competition at Dhansiri: শ্বহীদক সুঁৱৰি ধনশিৰিত জ্যোতি সংগীত প্ৰতিযোগিতা - মাধ্যম আন্দোলনৰ শ্বহীদ বলিন ৰাজখোৱা

কেইবাগৰাকীও শ্বহীদৰ স্মৃতিত ধনশিৰিৰ নাওজানত অনুষ্ঠিত হয় 'জ্যোতি সংগীত' প্ৰতিযোগিতা । ধনশিৰি মহকুমা ছাত্ৰ সন্থা ৰ আহ্বানত আৰু ওজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ৷

Jyoti Sangeet Competition at Dhansiri
শ্বহীদক সুঁৱৰি ধনশিৰিত জ্যোতি সংগীত প্ৰতিযোগিতা
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 10:32 PM IST

সৰুপথাৰ, 14 অক্টোবৰ: মাধ্যম আন্দোলনৰ শ্বহীদ বলিন ৰাজখোৱা, অসম আন্দোলনৰ শ্বহীদ অনিল বৰা, মানিক ডেকা আৰু দেৱেশ্বৰ বৰাৰ সোঁৱৰণত ধনশিৰি মহকুমাৰ নাওজানত শনিবাৰে অনুষ্ঠিত হয় 'জ্যোতি সংগীত' প্ৰতিযোগিতা । ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত আৰু ওজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ৷

প্ৰতিযোগিতাখনৰ উদ্দেশ্য আছিল অসমীয়া ভাষাৰ মাধ্যমটো জীয়াই ৰখাৰ উপৰিও অসম আৰু অসমীয়া ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ ত্যাগৰ বিষয়ে নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা ৷ উল্লেখযোগ্য যে অসমৰ জাতীয় জীৱনৰ লগতে অসমীয় মাধ্যমটো জীয়াই ৰখাৰ স্বাৰ্থত; মাধ্যম আন্দোলনৰ শ্বহীদ বলিন ৰাজখোৱা, অসম আন্দোলনৰ শ্বহীদ অনিল বৰা, মানিক ডেকা, দেৱেশ্বৰ বৰাৰ দৰে ব্যক্তিয়ে নিজৰ জীৱন আহুতি দিছিল । সেই শ্বহীদসকলৰ সোঁৱৰণিত শনিবাৰে নাওজান ৰাজহুৱা ভৱনত অনুষ্ঠিত হয় জ্যোতি সংগীত প্ৰতিযোগিতাখন ।

অনুষ্ঠানটোত উপস্থিত থাকে মহকুমাটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাশীষ শইকীয়া, সম্পাদক চন্দন ভৰালীৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল । সংগীতানুষ্ঠানখনত বিচাৰক হিচাবে উপস্থিত থাকে দীপামণি মহন্ত, ৰূপালী শৰ্মা আৰু হীতেশ বৰা । প্ৰতিযোগিতাৰ ফলাফল সমূহ- প্ৰথম পুৰস্কাৰ লাভ কৰে নাওজানৰ ফাৰহিন আলিয়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে আয়ুস উপাধ্যায়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে সবিতা শইকীয়াই । প্ৰতিযোগিতাখনত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে আইচেংফা ফুকন আৰু কাব্যশ্ৰী বৰাই ।

লগতে পঢ়ক: AGP foundation in Golaghat: আঞ্চলিকতাবাদৰ ধ্বজা সগৌৰৱেৰে অসমভূমিত উৰুৱাই ৰখাৰ পণ অগপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.