ETV Bharat / state

ধন হৰলুকি কৰি গ্ৰেপ্তাৰ গোলাঘাট ইণ্ডিয়ান বেংকৰ সহকাৰী প্ৰৱন্ধক!

author img

By

Published : Nov 4, 2019, 9:47 AM IST

ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ইণ্ডিয়ান বেংক গোলাঘাট শাখাৰ সহকাৰী প্ৰৱন্ধক হিমাংশু দিহিঙীয়া ৷ 2016 চনৰ পৰা 2019 চনলৈ প্ৰায় ১ কোটি ৩৭ কোটি টকাৰ হৰলুকি কৰাৰ অভিযোগ হিমাংশু দিহিঙীয়াৰ বিৰুদ্ধে ৷ 14 দিনলৈ আৰক্ষীৰ জিন্মাত হিমাংশু দিহিঙীয়া ৷

হিমাংশু দিহিঙীয়া

গোলাঘাট,4 অক্টোবৰঃ গোলাঘাটতত ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ইণ্ডিয়ান বেংক গোলাঘাট শাখাৰ সহকাৰী প্ৰৱন্ধক হিমাংশু দিহিঙীয়া ৷ 2016 চনৰ পৰা 2019 চনলৈ প্ৰায় ১ কোটি ৩৭ লাখ টকাৰ হৰলুকি কৰাৰ অভিযোগ হিমাংশু দিহিঙীয়াৰ বিৰুদ্ধে ৷

গ্ৰেপ্তাৰ গোলাঘাট ইণ্ডিয়ান বেংকৰ সহকাৰী প্ৰৱন্ধক

ইপিনে,ধন আত্মসাতৰ তথ্য পোহৰলৈ অহাৰ পাচতেই হিমাংশু দিহিঙীয়াৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল শাখা পৰিচালক যুগল দলৈয়ে ৷ বেংক শাখা পৰিচালকগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ডিব্ৰুগড়ৰ চাবুৱাৰ পৰা গ্ৰেপ্তাৰ কৰে হিমাংশু দিহিঙীয়াক ৷ গোলাঘাট আৰক্ষীয়ে দিহিঙীয়াক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে যদিও অধিক তদন্তৰ বাবে পুনৰ 14 দিনলৈ নিজৰ জিন্মাত লয় ৷

লগতে পঢ়কঃ দিল্লীথ ভয়ংকৰ প্ৰদূষণঃ গাজৰ খাই ৰক্ষা কৰক নিজক

উল্লেখ্য যে,গোলাঘাটৰ জালান উদ্যোগৰ গৰিষ্ঠ সংখ্যক ধন হৰলুকি কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন হৈছিল হিমাংশু দিহিঙীয়া ৷ চাকৰিৰ পৰা নিলম্বন হোৱাৰ লগতে বেংক কৰ্তৃপক্ষই নিজাববীয়াকৈ চলাইছিল তদন্ত ৷ তদন্তৰ পাছত দোষী প্ৰমাণিত হোৱাত বেংক কৰ্তৃপক্ষই গোলাঘাট আৰক্ষী থানাত অভিযোগ দাখিল কৰে ।

Intro: ৰক্ষকেই ভক্ষক হল গোলাঘাটত । বেংক গ্ৰাহকৰ সাঁচতীয়া ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হল এজন বেংকৰ সহকাৰী প্ৰৱন্ধক । ইণ্ডিয়ান বেংক গোলাঘাট শাখাৰ সহকাৰী প্ৰৱন্ধকৰ দায়িত্বত নিয়োজিত হৈ আছিল হিমাংশু দিহিঙ্গীয়া । ২০১৬ চনৰ পৰা ২০১৯ চনলৈকে ১ কোটি ৩৭ লাখ টকা আত্মসাৎ কৰে বেংক বিষয়া হিমাংশু দিহিঙ্গীয়াই । অৱশেষত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই বেংক বিষয়াজনক ।
Body:আপুনি কষ্টৰে অৰ্জন কৰা ধন কেইটাও এতিয়া সুৰক্ষিত নহয় । আপুনি মই সুৰক্ষিত বুলি ভবা বেংকও এতিয়া সুৰক্ষিত নহয় । বেংকৰ পৰাই হৰলুকি হব পাৰে আপোনাৰ কষ্টোপাৰ্জিত ধন কেইটা । তেনে এক ঘটনাই সংঘটিত হৈছে গোলাঘাটত । ইণ্ডিয়ান বেংক গোলাঘাট শাখাত সহকাৰী প্ৰৱন্ধক হিচাপে নিয়োজিত হৈ থকা অৱস্থাত হিমাংশু দিহিঙ্গীয়াই বেংক গ্ৰাহকৰ প্ৰায় ১ কোটি ৩৭ লাখ টকা আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ আহিছে । বিগত ২০১৬ বৰ্ষৰ পৰা গোলাঘাট শাখা ইণ্ডিয়ান বেংকত নিয়োজিত হৈ আছিল দিহিঙ্গীয়া । সেই সময়ৰ পৰাই গ্ৰাহকৰ ধন আত্মসাৎ কৰিছিল বিষয়াজনে । এই ঘটনা পোহৰলৈ অহাত শাখাটোৰ পৰিচালকে যোৱা ৩০ আগষ্টত গোলাঘাট আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল । বেংক পৰিচালকৰ অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্তৰ অন্ততঃ ডিব্ৰুগড়ৰ চাবুৱাৰ বাসিন্দা হিমাংশু দিহিঙ্গীয়াক গ্ৰেপ্তাৰ কৰে । গোলাঘাটৰ জালান উদ্যোগৰ গৰিষ্ঠ সংখ্যক ধন হৰলুকি হোৱা বুলি বেংক কৰ্তৃপক্ষক দিয়া অভিযোগৰ ভিত্তিত তদন্ত কৰি দোষী প্ৰমাণিত হোৱাত বেংকৰ চাকৰিৰ পৰা নিলম্বিত কৰিছিল সহকাৰী প্ৰৱন্ধক হিমাংশু দিহিঙ্গীয়াক । চাকৰিৰ পৰা নিলম্বিত কৰাৰ লগতে বেংক কৰ্তৃপক্ষই নিজাববীয়াকৈ চলাইছিল তদন্ত । তদন্তৰ পিছত দোষী প্ৰমাণিত হোৱাত বেংক কৰ্তৃপক্ষই গোলাঘাট আৰক্ষী থানাত অভিযোগ দাখিল কৰে । গোলাঘাট আৰক্ষীয়ে দিহিঙ্গীয়াক গ্ৰেপ্তাৰ কৰি অধিক তদন্তৰ বাবে আদালতত হাজিৰ কৰাৰ অন্তত পুনৰ আৰক্ষী জিম্মাত লয় ।

Byte_1_আৰক্ষী বিষয়াConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat , অসম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.