ETV Bharat / state

সুৰাৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান - golaghat police operation

ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰাৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ তীব্ৰ অভিযান ৷ গোলাঘাট জিলাৰ দেৰগাঁৱতো অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । ৰঙামাটিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাৰ পৰা বহুসংখ্যক বিলাতী সুৰাৰ বটল জব্দ ৷

illegal liquor seized in dergaon
সুৰাৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান
author img

By

Published : Jun 19, 2021, 10:31 PM IST

দেৰগাঁও, 19 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ 'ড্ৰাগছ মুক্ত' অসমৰ সপোন দেখা ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ অবৈধ সৰবৰাহকাৰীৰ লগতে দৈনিক জব্দ কৰা হৈছে লাখ লাখ টকাৰ ড্ৰাগছ আৰু বিলাতী সুৰা ৷

ৰাজ্যৰ অন্যান্য স্থানৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁৱতো অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে । দেৰগাঁৱত আবকাৰী বিভাগৰ নিস্ক্ৰিয়তাৰ বিপৰীতে এতিয়া প্ৰতি দিনেই দেৰগাঁও আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । দেৰগাঁও আৰক্ষীৰ অভিযানত শনিবাৰে জব্দ হৈছে বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা ৷ শনিবাৰে দেৰগাওঁ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক প্ৰশান্ত বৰা, দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈ আৰু চোমনী আৰক্ষী চকীৰ বিষয়া দিলীপ কুমাৰ বৰাৰ নেতৃত্বত যৌথ অভিযানত ৰঙামাটিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাৰ পৰা বহুসংখ্যক বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ।

সুৰাৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান, আটক 1

অভিযান কালত ধাবাখনৰ মালিক দিলীপ চাহুক আটক কৰে আৰক্ষীয়ে । উল্লেখ্য যে, গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানীত বৃহস্পতিবাৰে অবৈধ চুলাইৰ বিৰুদ্ধে এক অভিযান চলাই গোলাঘাট আৰক্ষীয়ে ৷ বৃহস্পতিবাৰৰ দিনটোত টেঙানীৰ দুই নৈ সুঁতি, ৰাজগড়, খটখটী আদি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে ৷

ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত বৰপথাৰ আৰক্ষী থানাৰ আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত চলোৱা এই অভিযানত প্ৰায় 3,500 লিটাৰ চুলাই জব্দ কৰা হয় ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, গোলাঘাট জিলাত সংঘটিত হোৱা চুলাই ট্ৰেজেদীৰ প্ৰভাৱ এতিয়াও শেষ হোৱা নাই ৷

বৰ্তমানেও জিলাখনৰ বিভিন্ন প্ৰান্তত মাৰাত্মক চুলাই সেৱন কৰি বহু লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ মাৰাত্মক চুলাই সেৱন কৰাৰ ফলত বহুত ব্যক্তিৰ দেহত দেখা দিছে জটিল ৰোগ ৷ যাৰ বাবে বহুজনৰ জীৱন অচল হৈ পৰিছে বুলি সদৰী কৰিছে একাংশ সচেতন স্থানীয় লোকে ৷

লগতে পঢ়ক : চৰাইদেউত ১২ বজাৰ লগে লগেই জিলা প্ৰশাসনে বন্ধ কৰালে বিপনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.