গোলাঘাট,30 মাৰ্চঃ ভাৰতত লক ডাউন ঘোষণা হোৱাৰ পিছতে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসনৰ লগতে আৱকাৰী বিভাগ ৷ কৰ'ণাৰ আতংকৰ মাজতে এচাম ব্যৱসায়ীয়ে চলাই গৈছে অসাধু কাৰ্য ৷ লক ডাউনৰ সময়ত চুলাই মদ বেপাৰীয়ে চলাই আহিছে অবৈধ দেশীয় চুলাই মদৰ বেপাৰ ।
গোলাঘাট আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত গোলাঘাট, ফৰকাটিং আৰু দেৰগাঁৱৰ আৱকাৰী চক্ৰয়ে চলাইছে এক যুটীয়া অভিযান ৷ অভিযানৰ সময়ত জিলাখনৰ মেৰাপানী, ফৰকাটিং, ৰঙাজান, কাঠকটীয়া, বকীয়াল, দেৰগাঁও অঞ্চলত অবৈধ শ শ লিটাৰ দেশীয় চুলাই মদ নষ্ট কৰা লগতে বহু কেইজন চুলাই মদ তৈয়াৰ কৰা ব্যক্তিক আটক কৰে গোলাঘাটৰ আৱকাৰী বিভাগে । গোলাঘাট আৱকাৰী বিভাগে চুলাই মদ ব্যৱসায় আৰু তৈয়াৰ কৰা কেইবাজনো লোকক আঠু কঢ়াই উত্তম মধ্যম দিয়াৰ লগতে চুলাই মদ ঢালি গা ধোবলৈ বাধ্য কৰায় ।
জোনাই,30 মাৰ্চঃ জোনাই আৰক্ষী আৰু আৱকাৰী বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা । সমগ্ৰ বিশ্বজুৰি অব্যাহত থকা মহামাৰী কৰ'ণা আতংকৰ মাজতে ধেমাজি জিলাৰ জোনাইত একাংশ লোকে অব্যাহত ৰাখিছে বিদেশী সুৰাৰ ৰমৰমীয়া বেহা ।
দেশত ঘোষণা কৰা ২১ দিনীয়া লক ডাউনৰ নিয়মক উলংঘা কৰি মুক্ত ভাৱে বিদেশী সুৰাৰ বিক্ৰী কৰি থকাৰ খবৰ পাই দেওবাৰে জোনাই মহাকুমা প্ৰশাসন আৰু জোনাই আৱকাৰী বিভাগে যুটীয়া ভাৱে এক অভিযান চলাই জোনাই চিমেন চাপৰিত । চিমেন চাপৰি ৰে'লৱে ষ্টেচনৰ সমীপত থকা এখন ভাতৰ হোটেলত দলটোৱে অভিযান চলায় প্ৰায় আঠ কেচৰো অধিক বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে দলটোৱে এতিয়ালৈকে অবৈধ সুৰা বিক্ৰেতা গৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই ।
বৰপেটাৰোড, 30 মাৰ্চঃ লক ডাউন চলি থকাৰ মাজতে বৰপেটাৰোডৰ সমীপৱৰ্তী আঠিয়াবাৰীত সোমবাৰে অভিযান চলাই চুলাই মদৰ ঘাটি উচ্ছেদ কৰে শিমলাগুৰী আৰক্ষীয়ে৷ দীৰ্ঘদিন ধৰি উক্ত গাঁৱত চুলাই মদৰ ঘাটি স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল একাংশ অসাধু ব্যৱসায়ীয়ে ৷ আৰক্ষীয়ে আঠিয়াবাৰী গাঁৱত অভিযান চলাই এক হাজাৰ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে কিছু বিলাতী সুৰাও জব্দ কৰে ৷ চুলাই মদ সেৱন কৰিবলৈ অহা কেইজনমান মদাহীক আৰক্ষীয়ে আঠুকাঢ়ি খোজকাঢ়িবলৈ দি শাস্তি দিয়াৰ লগতে কাণত ধৰি উঠা বহা কৰিবলৈ দি ভৱিষ্যতে মদ সেৱন নকৰিবলৈ প্ৰতিজ্ঞা কৰায় ৷
নাহৰকটীয়া,30 মাৰ্চঃ লক ডাউনৰ মাজতে নাহৰকটীয়াৰ গ্ৰামাঞ্চলত দিনে নিশাই চলিছে চুলাই মদৰ আদ্দা ৷ লক ডাউন নমনা সকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত চহৰ অঞ্চলৰ প্ৰায় লোকেই বৰ্তমানেও ঘৰতে সীমাবদ্ধ যদিও গাঁও অঞ্চলৰ ৰাইজে বিশেষকৈ অতি ভিতৰুৱা কিছুমান ঠাইত সুবিধা অনুযায়ী সমূহীয়াকৈ মাছ ধৰাৰ লগতে অবৈধ চুলাই মদৰ আদ্দা আদিতে লোকসকল মছগুল হোৱা পৰিলক্ষিত হৈছে যাৰ বাবে বৰ্তমানেও স্থানীয় প্ৰশাসন দিনে নিশাই ব্যস্ত হৈ থাকিব লগা হৈছে সজাগতাৰ লগতে অবৈধ চুলাই মদৰ ভাটী সমূহ নষ্ট কৰাত৷ নাহৰকটীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়া আৰু প্ৰশাসনিক বিষয়া বিক্ৰম ছেত্ৰীৰ নেতৃত্বত এটা দলে নাহৰকটীয়া সমষ্টিৰ ভিতৰুৱা অঞ্চল চাচনী খাটোৱা, লাখুটিবিল , টাইৰাইগাঁও ,চেলেং,বৰবাম,বালিমৰা,বালিজান,ডিচাম আদি অঞ্চল সমূহত দিনে নিশাই অভিযান চলাই নষ্ট কৰিছে এটাৰ পাছত আনটো চুলাই মদৰ ভাটিৰ লগতে জব্দ কৰিছে অবৈধ ভাবে মজুত কৰি ৰখা সুৰা৷
কৰিমগঞ্জ,30 মাৰ্চঃ কৰিমগঞ্জত এগৰাকী অসাধু পাইকাৰী ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিলে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্বত থকা উপায়ুক্ত গৰাকীয়ে ৷ জানিব পৰা মতে, প্ৰমোদ বিহাৰি ৰয় নামৰ গেলামালৰ পাইকাৰি দোকানৰ মালিকজনে অধিক দামত সামগ্ৰী ক্ৰয় কৰাৰ বাবে সামগ্ৰীৰ নাটনি দেখুৱাই দোকান বন্ধ ৰাখিছিল | বিভাগীয় অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দেৱে সদলবলে উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে দোকান মালিকক৷
বঙাইগাঁও,30 মাৰ্চঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দেওহাটিৰ ভাটিপাৰাত ৰাইজৰ সহযোগত যোগান বিভাগ আৰু আৰক্ষীৰ অভিযান । ৰাইজৰ অভিযোগৰ ভিত্তিত অবৈধ চুলাই মদৰ ঘাটিত এই অভিযান চলাই আৰক্ষী আৰু যোগান বিভাগে । সৰ্বমুঠ ৮ টা অবৈধ চুলাইৰ ঘাটিত অভিযান চলাই নষ্ট কৰে ৩০০ লিটাৰৰো অধিক চুলাই ৷ ৰাইজৰ অভিযোগ লক ডাউনৰ সুবিধা লৈ এই চুলাইৰ ঘাটি কেইটাত পুৱাৰ পৰা নিশালৈ চলে চুলাইৰ ৰমৰমীয়া ব্যৱসায় ৷ ইতিমধ্যে আটক গেন্দু ৰায় নামৰ এজন চুলাই ব্যৱসায়ী ৷
বিশ্বনাথ,30 মাৰ্চঃ অবৈধ চুলাই ঘাটি উচ্চেদ অভিযান বিশ্বনাথ আৰক্ষীৰ । ৩০০ লিটাৰৰো অধিক অবৈধ চুলাই নষ্ট প্ৰশাসনৰ ৷ সোমবাৰে বিশ্বনাথ জিলা ডি এছ পি নেতৃত্বত যোৱা এটা আৰক্ষী দলৰ লগতে বিশ্বনাথৰ আৱকাৰী যুটীয়া অভিযানত চতিয়া নদুৱা,জামুগুৰী বিভিন্ন অঞ্চলত অভিযানত চলাই কেইবাশ লিটাৰ অবৈধ চুলাই অনিষ্ট কৰা লগতে বহু কেইটা চুলাই ঘাটি উচ্চেদ কৰে আৰক্ষীৰ দলটোৱে ৷
লগতে পঢ়কঃৰাজ্যত পাঁচ কোটি চেনিটাইজাৰ বটল বিতৰণ প্ৰক্ৰিয়া আৰম্ভ