গোলাঘাট,3 এপ্ৰিলঃ চৌদিশে তলা বন্ধ থকা সময়তে গোলাঘাটৰ সুন্দৰপুৰত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । অতি নৃশংসভাৱে স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক । ঘটনাৰ বিৱৰণী অনুসৰি, বাজনাথ তপ্প নামৰ এজন লোকে পত্নী পাৰ্বতী তপ্পক এডাল লাখুটিৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে ।
ভাত ৰন্ধাত সামান্য পলম হোৱাৰ বাবে ব্যক্তিজনে এনেদৰে হত্যা কৰে পত্নীক । হত্যাৰ পিছত মৃতদেহটো বাৰীৰ মাজত এটা গাঁত খান্দি পুতি থবলৈ চেষ্টা কৰোতেই স্থানীয় লোকে হাতে-লোটে ধৰা পেলায় হত্যাকাৰী বাজনাথ তপ্পক । ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ।
লগতে চাওকঃ লখিমপুৰত মৰিশালি সদৃশ নিস্তব্ধতা