মেৰাপানী,২২ জুন : ৰাজ্য়ত অব্য়াহত ইউৰিয়া সাৰৰ চোৰাং বেহা (Urea Fertilizer Smuggling in Assam) । অসমৰ পৰা বহিঃৰাজ্যলৈ ইউৰিয়া সাৰ সৰবৰাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে যদিও একাংশ অবৈধ ব্যৱসায়ীয়ে এনে বেহা অব্য়াহত ৰাখিছে । ইয়াৰ মাজতে মঙলবাৰে মেৰাপানীত জব্দ হৈছে নগালেণ্ডলৈ সৰবৰাহ কৰা ৩০০ বেগ ইউৰিয়া সাৰ (300 bags urea seized in Merapani Assam)। এই ঘটনা সন্দৰ্ভত ইউৰিয়া কঢ়িওৱা দুখন ট্ৰাকসহ ৮ জনক আটক কৰিছে মেৰাপানী আৰক্ষীয়ে ।
মেৰাপানী সীমান্তত ১৪২ নং চি আৰ পি এফ বাহিনী আৰু মেৰাপানী আৰক্ষীৰ যৌথ অভিযানত অসমৰ পৰা নগালেণ্ডলৈ অবৈধভাৱে কঢ়িয়াই নিয়া ইউৰিয়া সাৰখিনি জব্দ কৰা বুলি জানিব পৰা গৈছে। অভিযানকাৰী দলটোৱে মেৰাপানী সীমান্তৰে নগালেণ্ডলৈ সৰবৰাহ কৰাৰ সময়তে এন এল ০৫ জি ১৮৫৯ আৰু এম এল ০৫ চি ৪০০৩ নম্বৰৰ দুখন মালবাহী ট্ৰাক জব্দ কৰে । উল্লেখ্য যে অসমৰ পৰা এই চক্ৰটোৱে নগালেণ্ড, মণিপুৰৰ মাজেৰে ম্যানমাৰলৈ সৰবৰাহ কৰি আহিছে ।
ইপিনে, ৰাজ্য়খনৰ কৃষকৰ স্বাৰ্থ বিঘ্নিত কৰি এই অসাধু চক্ৰটোৱে অসমত প্ৰতি বেগত ২৬৬ টকাত উপলব্ধ ইউৰিয়া সাৰ ৫০০-৬০০ টকাত ক্ৰয় কৰি নগালেণ্ডত ৮০০ টকাকৈ বিক্ৰী কৰি আহিছে । এই সাৰৰ দাম ম্যানমাৰত প্ৰতিবেগত ২৫০০-৩০০০ টকা পৰ্যন্ত হয়গৈ বুলি জানিব পৰা গৈছে।