ETV Bharat / state

গোলাঘাটত পৌৰসভাৰ অধীনৰ পুখুৰীত মৃত্যু অসংখ্য মাছ - বিষক্ৰিয়া

গোলাঘাট নগৰৰ বাছ আস্থানৰ সমীপত অৱস্থিত এটা পুখুৰীত মৃত্যু হৈছে বৃহৎ পৰিমাণৰ মাছৰ । স্থানীয় লোকৰ অভিযোগ মতে, গোলাঘাট পৌৰসভাৰ অধীনত থকা বৃহৎ পুখুৰীটোৰ কোনো ধৰণৰ চাফাই নকৰাৰ ফলত বিষক্ৰিয়া হৈ মৃত্যু হৈছে কেইবা কুইন্টল মাছ ।

golaghat municipality fishery
golaghat municipality fishery
author img

By

Published : Sep 9, 2020, 7:57 AM IST

গোলাঘাট, 9 ছেপ্টেম্বৰ : মৎস্য পালনৰ নামত গোলাঘাট পৌৰসভাৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ । গোলাঘাট পৌৰসভাৰ অৱহেলাৰ বাবেই কেইবা‌ কুইন্টল মাছৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে । গোলাঘাট নগৰৰ বাছ আস্থানৰ সমীপত অৱস্থিত এটা পুখুৰীত মৃত্যু হৈছে বৃহৎ পৰিমাণৰ মাছৰ । স্থানীয় লোকৰ অভিযোগ মতে গোলাঘাট পৌৰসভাৰ অধীনত থকা বৃহৎ পুখুৰীটোৰ কোনো ধৰণৰ চাফাই নকৰাৰ ফলত বিষক্ৰিয়া হৈ মৃত্যু হৈছে কেইবা কুইন্টল মাছ ।

গোলাঘাটত পৌৰসভাৰ অধীনৰ পুখুৰীত বহু সংখ্যক মাছৰ মৃত্যু

মৎস্য পালনৰ বাবে পৌৰসভাই পুখুৰীটো ব্যৱহাৰ কৰি আহিছে যদিও পুখুৰীটো এদিনো চোৱা-চিতা নকৰাৰ ফলতে পুখুৰীটোৰ পানীত বিষক্ৰিয়া হৈ মাছৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিলে স্থানীয় ৰাইজে । একাংশৰ মতে এই পুখুৰীটোত বিহ দি কোনো দুষ্ট চক্ৰই মাছ ধৰা পৰিকল্পনা কৰিছিল । আন একাংশৰ মতে, গোলাঘাট পৌৰসভাৰ অদূৰদৰ্শীতাৰ ফলত কেতিয়াবা যে নগৰবাসীৰ জীৱন সংকটত পৰিব সেইয়া নিশ্চিত । কাৰণ দুষ্কৃতিকাৰীয়ে এই মাছ বজাৰত বিক্ৰী কৰিলে শাৰীৰিকভাৱে অসুস্থতাত পৰিব সেই মাছ ভক্ষণ কৰা লোকসকল । সেই গতিকে সময় থাকোঁতেই সজাগ হ'বলৈ পৌৰসভাক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক : সুস্থ সন্তান জন্ম দিলে কৰ'ণাত আক্ৰান্ত মহিলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.