ETV Bharat / state

প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত উত্তপ্ত পৰিস্থিতি - pregnant women

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷

গোলাঘাটত উত্তপ্ত পৰিস্থিতি
গোলাঘাটত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jul 18, 2020, 11:14 AM IST

গোলাঘাট, 18 জুলাই: শুকুৰবাৰে নিশা এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি COVID পজিটিভ হোৱাৰ সন্দেহতে চিকিৎসক, নাৰ্চে চিকিৎসা নকৰিলে মহিলাগৰাকীৰ ৷ পেটৰ বিষ আৰু শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা হোৱা মহিলা গৰাকীয়ে এটা বেজী দিয়াৰ পাচতে সাৱটি লয় মৃত্যুক ৷ কিন্তু এই কথা একেমুখে নস্যাৎ কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷

প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত উত্তপ্ত পৰিস্থিতি

জানিব পৰা মতে, পেটৰ বিষ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা শেৱালি দত্ত নামৰ মহিলগৰাকীক নিশা প্ৰায় 8 বজাত লৈ অহা হৈছিল অসামৰিক চিকিৎসালয় খনলৈ ৷ কিন্তু মহিলাগৰাকী COVID ত আক্ৰান্ত হোৱাৰ সন্দেহত বহু সময় তেওঁক চিকিৎসা প্ৰদানৰ পৰা বিৰত থাকে চিকিৎসালয় কৰ্তৃপক্ষ ৷ যাৰ বাবে বহুপৰ কোনো চিকিৎসা লাভ নকৰাৰ ফলত মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, তেওঁলোকে চিকিৎসা কৰ্মীক মহিলাগৰাকীক চিকিৎসা প্ৰদান কৰিবলৈ বহুবাৰ অনুৰোধ কৰিছিল যদিও বিফল হয় ৷ বহু সময়ৰ পাচত এগৰাকী নাৰ্চে বেজী দিয়াৰ পাচতে মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে ৷ তাৰ পাচতেই মৃত মহিলাগৰাকীৰ স্বামীয়ে চিকিৎসালয়ৰ আচবাবৰ লগতে, দুৱাৰৰ কাঁচ ভাঙি লণ্ড-ভণ্ড কৰে ৷ অৱশেষত আৰক্ষীৰ লোক চিকিৎসালয় খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ নস্যাৎ কৰি কৰ্মৰত নাৰ্চ এগৰাকীয়ে, মহিলাগৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছিল বুলি জানিবলৈ দিয়ে ৷ তদন্তৰ পাচতহে গম পোৱা যাব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য ৷

লগতে পঢ়ক: নগাঁৱত ৰেপিড এন্টিজেন টেষ্ট : পোহৰলৈ আহিল গণ সংক্ৰমণৰ তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.