সৰুপথাৰ, 8 জুন: সোমবাৰে গোলাঘাট জিলাৰ উপায়ুক্ত (Deputy Commissioner) মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্ত (Assam Nagaland border) ৰ বি চেক্টৰৰ চেতিয়াগাঁও শিবিৰ, জাহাজী গাঁও আৰু চেইনপুৰ অঞ্চল পৰিদৰ্শন কৰি সীমান্ত অঞ্চলৰ ভৌগোলিক অৱস্থা আৰু বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে ।
![golghat_ dc visits disputed areas of assam nagaland border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/golaghatdistrictdcvisitsarupathardesputedariaassam-nagalandborder-image3-spr-asc10084_07062021202820_0706f_1623077900_340.jpg)
উপায়ুক্ত গৰাকীয়ে চিআৰপিএফৰ ১৫৫ বেটেলিয়ন তথা বি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰৰ ৰেংমাপানীত থকা মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সীমান্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । এই বৈঠকত স্পৰ্শকাতৰ এলেকাসমূহৰ (sensitive areas) লগতে সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় ৷
![golghat_ dc visits disputed areas of assam nagaland border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/golaghatdistrictdcvisitsarupathardesputedariaassam-nagalandborder-image3-spr-asc10084_07062021202820_0706f_1623077900_486.jpg)
বিশেষকৈ ২০১৪ চনত চেতিয়াগাঁৱত হোৱা আইন-শৃংখলাজনিত ঘটনাৰ পাছৰ বৰ্তমানৰ পৰিস্থিতি, সীমান্তৰ জাহাজী গাঁও আৰু চেইনপুৰৰ শেহতীয়া স্থিতি আদিৰ সন্দৰ্ভত স্থানীয় আৰক্ষী আৰু চিআৰপিএফৰ পৰা উপায়ুক্তগৰাকীয়ে বিতংভাৱে বুজ লয় । এই পৰিদর্শনকালত উপায়ুক্তগৰাকীৰ সৈতে চিআৰপিএফ(CRPF) ৰ ১৫৫ বেটেলিয়নৰ কমাণ্ডেণ্ট, এ আৰু বি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰ, বি চেক্টৰৰ সীমান্ত দণ্ডাধীশ, উৰীয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে ভালে কেইগৰাকী বিষয়া উপস্থিত আছিল ।
লগতে পঢ়ক : সুৰা মানুহৰ বাবে একপ্ৰকাৰৰ টনিক : কেন্দ্ৰীয় মন্ত্ৰী ফাগ্গান সিং কুলাষ্টে