ETV Bharat / state

গোলাঘাটত ট্ৰাক চালকৰ দৌৰাত্ম্য

author img

By

Published : Sep 11, 2020, 8:37 PM IST

গোলাঘাটত এজন স্কুটি আৰোহীক খুন্দিয়াই পলায়ন কৰা এখন পাঞ্জাব বডি ট্ৰাকে মহটিয়াই নিয়ে আৰক্ষীৰ বেৰিকেড। অৱশেষত কমাৰগাঁও আৰক্ষীৰ প্ৰচেষ্টাত ৰাখিবলৈ সক্ষম হয় ট্ৰাকখন। গাড়ী চালকজনকো কাৰায়ত্ব কৰে কমাৰগাঁও আৰক্ষীয়ে।

গোলাঘাটত ট্ৰাক চালকৰ দৌৰাত্ম্য
গোলাঘাটত ট্ৰাক চালকৰ দৌৰাত্ম্য

গোলাঘাট,11 চেপ্তেম্বৰঃ গোলাঘাটৰ কমাৰগাঁৱত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰি অহা এখন পাঞ্জাব বডি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী। উল্লেখ্য যে,গোলাঘাট নগৰত চিমেণ্ট আনলোড কৰি ঘূৰি অহা AS-01DC-4346 নম্বৰৰ পাঞ্জাব বডি ট্ৰাকখনে মহটিয়াই নিছিল ‌এজন স্কুটি আৰোহীক। গাড়ীখনৰ চালকজনে দুৰ্ঘটনা সংঘটিত কৰিয়েই গোলাঘাট আৰক্ষীৰ পৰা হাত সাৰিবলৈ ধোদৰ আলি হৈ কমাৰগাঁও দিশে পলায়ন কৰে। উক্ত গাড়ীখন ধৰিবলৈ গোলাঘাট আৰক্ষীয়েও পিছ লয় লগে লগে। খুমটাই আৰক্ষী চকীত বেৰিকেড লগাই গাড়ীখন ৰাখিবলৈ চেষ্টা কৰে যদিও বেৰিকেড ভাঙি পলায়ন কৰে ট্ৰাকখনে। অৱশেষত কমাৰগাওঁ আৰক্ষীয়ে এখন ডাম্পাৰ পথৰ মাজত ৰখাই উক্ত ট্ৰাকখন ৰখাবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

গোলাঘাটত ট্ৰাক চালকৰ দৌৰাত্ম্য

লগতে চাওকঃ গোলাঘাটত অনুষ্টুপীয়াকৈ পালন ষষ্ঠদশ ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.