গোলাঘাট, 2 জানুৱাৰী: বৃহস্পতিবাৰে ভয়াৱহ দুৰ্ঘটনাৰ পৰা হাত সাৰে গোলাঘাট চহৰ ৷ বৃহস্পতিবাৰে গোলাঘাট জিলাৰ নুমলীগড়ৰ লৱনঘাটত এখন তেলৰ টেংকাৰ মেৰামতি কৰি থকা অৱস্থাত বিস্ফোৰণ হৈ আহত হয় 4 জন লোক। AS-09C-8684 নম্বৰৰ টেংকাৰখন বিস্ফোৰণ হোৱাৰ ফলত গুৰুত্বৰভাৱে আহত হয় বাহনখন মেৰামতি কৰি থকা গেৰেজৰ 4 জন কৰ্মী । আহত কৰ্মী কেইজন ক্ৰমে অঞ্জন শইকীয়া, দীপক দাস আৰু বিজয় বৰা লগতে আন এজন কৰ্মীৰ বিষয়ে জানিব পৰা যোৱা নাই ৷
উল্লেখ্য যে, আহত আটাইকেইজন লোকৰ অৱস্থা অতি সংকটজনক। নুমলীগড় শোধানাগাৰৰ বিবেকানন্দ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আটাইকেইজন কৰ্মী ৷ কিন্তু নুমলীগড়বাসীৰ সৌভাগ্য যে উক্ত দুৰ্ঘটনাৰ সময়ত অকণো তেল নাছিল টেংকাৰখনত। ফলত অনাকাংক্ষিত ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে চহৰখন ৷
লগতে পঢ়ক: নতুন দিল্লীত বেটাৰী নিৰ্মাণ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড