ETV Bharat / state

পূতিগন্ধময় পৰিবেশৰ মাজত গোলাঘাটৰ এখন বিদ্যালয়

গোলাঘাট নগৰৰ এখন চৰকাৰী বিদ্যালয় পৰিণত হৈছে মদৰ ঘাটিলৈ। বিদ্যালয়খন কেৱল মদ্যপানৰ স্থল নহয়, বৰ্তমান বিদ্যালয় চৌহদ নগৰবাসীৰ বাবে হৈ পৰিছে জাৱৰ জোথৰ পেলোৱা স্থান। মানৱ সম্পদ গঢ় দিয়া বিদ্যালয়ৰ চাৰিও দিশত বৰ্তমান বিৰাজ কৰিছে অস্বাস্থ্যকৰ পৰিৱেশে।

author img

By

Published : Jan 12, 2021, 5:49 PM IST

golaghat school use dusbin
পুতৌ লগা অৱস্থাত গোলাঘাটৰ এখন বিদ্যালয়

গোলাঘাট, 12 জানুৱাৰী : গোলাঘাট নগৰৰ ২নং টাউন নতুন বুনিয়াদী বিদ্যালয়ৰ চৌহদৰ বৰ্তমানৰ পৰিস্থিতিয়ে এতিয়া সকলো আচম্বিত কৰিছে ৷ গোলাঘাট তপন নগৰত অৱস্থিত বিদ্যালয়খনৰ চৌহদত তপন নগৰৰ একাংশ পৰিয়ালে জাৱৰ-জোঁথৰ পেলাই ছাত্র-ছাত্ৰীৰ অধ্যয়নৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ তুলিছে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে ৷

পুতৌ লগা অৱস্থাত গোলাঘাটৰ এখন বিদ্যালয়

অভিভাৱক সকলে সদৰি কৰা মতে বিদ্যালয়খনৰ কাষৰ লোকসকল শিক্ষিত আৰু সম্ভ্ৰান্ত পৰিয়ালৰ লোক। এই শিক্ষিত লোক সকলে বিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট কৰাটো অতি দুৰ্ভাগ্যজনক সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ অভিভাৱক সকলে ৷ লগতে অভিভাৱক সকলে গোলাঘাট পৌৰসভাই অঞ্চলবাসীক জাবৰ-জোঁথৰ পেলোৱাৰ সুৱস্থা নকৰাৰো অভিযোগ উত্থাপন কৰিছে ।

ইফালে, স্থানীয় একাংশ লোকৰ অভিযোগ অনুসৰি নিশা হ'লেই মদ্যপান, অসামাজিক কাৰ্য চ'লে বিদ্যালয়খনৰ চৌহদত ৷ পৰিতাপৰ বিষয় গোলাঘাট নগৰৰ মাজমজিয়াত শিক্ষা বিভাগৰ এনে অৱস্থাৰ খৱৰ বাতৰিত বাৰম্বাপ প্ৰকাশ পোৱা পিচতো শিক্ষা বিভাগ আৰু গোলাঘাট পৌৰসভা কৰ্তৃপক্ষই কোনা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিয়োগ উত্থাপন কৰিছে একাংশ সচেতন লোকে ৷

লগতে পঢ়ক : 21’ ৰ নিৰ্বাচনত নট্ আউট হৈ থাকিব ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.