গোলাঘাট, 25 জানুৱাৰীঃ বোকাখাটত বিশাল সংকল্প সমাৰোহ। বিজেপি, অগপৰ মিত্ৰজোঁটৰ উদ্যোগত আয়োজন কৰা হৈছে এই সংকল্প সমাৰোহ ৷ বোকাখাট ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সংকল্প সমাৰোহত কেইবাহাজৰে কৰ্মী উপস্থিত হয়। এই সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক ৷ এই অনুষ্ঠানত ভাষণ প্ৰসংগত দলটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে বিজেপিৰ কৰ্মীসকল ৷ ইয়াৰোপৰি এই সমাৰোহত বিপৰীত দলসমূহৰ ওপৰত সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷
গোলাঘাট সংকল্প সমাৰোহ উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল লগতে পঢ়কঃ "কা" বাতিলৰ দাবীত ডুমডুমাৰ কৰদৈগুৰিত খিলঞ্জীয়াৰ ৰণ হুংকাৰ
Intro:Body:
Golaghat 24.01.2020
slug : as_glt_801_24jan_sankolpa samaroh_vis_byte_7205572
O.C. : বোকাখাটত বিশাল সংকল্প সমাৰোহ। বিজেপি, অগপ আৰু মিত্ৰজোঁটৰ উদ্যোগত আয়োজন এই সংকল্প সমাৰোহ৷ বোকাখাট ৰাজহুৱা খেলপথাৰত অনুষ্ঠতি হোৱা সংকল্প সমাৰোহত কেইবাহাজৰো কৰ্মী উপস্থিত থাকে। সংকল্প সমাৰোহত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, কেশৱ মহন্ত, ফনীভূষণ চৌধুৰী, নৱ কুমাৰ দলে, পিয়ুজ হাজৰিকা, যোগেন মহেন, সঞ্জয় কৃষাণ, বিধায়ক মৃনাল শইকীয়া, ৰেণুপ্ৰভা ৰাজখোৱা, ভৱেন ভৰালী, পল্লৱ লোচন দাস, কামাখ্যা প্ৰসাদ তাচা, ৰনোজ পেগু, আদিৰ লগতে বহু কেইগৰাকী মন্ত্ৰী বিধ্যয়ক৷ আছুৱে দল খুলিলে আজমল আছুৰ লগত থাকিব, এতিয়া আছুৱে কি উত্তৰ দিব সেইয়া চাব বিচাৰে হিমন্ত বিশ্ব শর্মাই৷ বোকাখাটৰ সংকল্প সমাৰোহে দেখাইছে সমগ্ৰ অসমত বিজেপিৰ সমর্থন হিমন্তৰ মন্তব্য৷
V.O. : সংকল্প সমাৰোহত বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই কয় অসমৰ ৰাইজে উন্নয়ন বিচাৰে আৰু বিজেপি মিত্ৰজোঁট চৰকাৰে উন্নয়নৰ কাম কৰিছে। ৰাইজে আদৰি লৈছে বৰ্তমানৰ চৰকাৰখনক। ৰাইজে শান্তিৰ পৰিৱেশ বিচাৰিছে যাৰবাবে ৰাইজ উলাই আহিছে। বহু সময় ধৰি কংগ্ৰেছৰ শাসনত দুৰ্নীতি হৈছিল। বোকাখাট আগতে প্ৰজাৰ শাসন নাছিল, এজন ৰজাৰ শাসন আছিল। ৰাজ্যৰ ভিতৰত এটা পিছ পৰা সমষ্টি আছিল বোকাখাট। আজি উন্নয়ন হৈছে বুলি কয় মন্ত্ৰী অতুল বৰাই। কাজিৰঙাত ক্ংগ্ৰেছৰ দিনত বহু বেছি গড় হত্যা কৰা হৈছিল বৰ্তমান চৰকাৰৰ বাবে ইয়াক ৰোধ কৰা হ'ল। সন্দেহ জনক নাগৰিকে ভৰি আছিল কাজিৰঙাত, পূৰ্বতে সেই দিশেৰে আহিলে চকু মুদি আহিব লগা হৈছিল। অসম চুক্তিৰ আত্মা ৬ নং দফা কাৰ্যকৰী কোনো চৰকাৰে নকৰিলে। নৰেন্দ্ৰ মোদীয়ে বৰ্তমান অসম চুক্তি উক্ত দফা প্ৰণয়ৰ নিমিত্তে ব্যৱস্থা কৰিছে। ভাষাৰ সুৰক্ষিত কৰিবৰ বাবে ব্যৱস্থা কৰিছে। সম বিকাশৰ বাবে জনজাতি কৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সতী সাধনী নামৰ বিশ্ববিদ্যালয় গোলাঘাট স্থাপনৰ বৰ্তমান চৰকাৰখনে কৰিছে। কংগ্ৰেছে এইবোৰ দেখা নাই, কংগ্ৰেছ আমাৰ মূল শত্ৰু, ২০২১ত কংগ্ৰেছ আহিব নোৱাৰে বুলি সংকল্প লই মন্ত্ৰী অতুল বৰাই৷ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বই কয় ১১, ১২ ডিচেম্বৰত যি পৰিৱেশ হৈছিল অসম বিজেপিৰ উন্নয়ন স্থৱিৰ হৈছিল। অসমৰ জনতাই অসমত পুনৰ শান্তিৰ পৰিৱেশ ঘুৰাই আনিছে। অসমক সৰ্বশ্ৰেষ্ট পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাৱোৰ সংকল্প। বিজেপিয়ে অসমত যদি আন্দোলন কৰিব তেন্তে অসমত শিক্ষা ৰ লগতে বিভিন্ন দিশ অনিষ্ট নকৰাকৈ কৰিব। জুবিন গাৰ্গকো সমালোচনা জুবিন গাৰ্গৰ পলিটিক্স নকৰিবা বন্ধু গানটো, হিমন্ত বিশ্ব শৰ্মা ই নিজৰ কথাৰে কয় মিছা কথা নকবা বন্ধু। কা কলৈ মিছা প্ৰচাৰৰ কথা উল্লেখ কৰি কয় দহ লাখ পাঞ্জাব বদী ট্ৰাক থাকিলেহে বাংলাদেশত থকা এক কোটিৰো অধিক হিন্দু মানুহ আনিব পৰা যাব। নতুন কৈ বাংলাদেশী অনাৰ কথা কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে। বিজেপিয়ে এজনো বিদেশী নানে, কা বিদেশী অনা আইন নহয় বুলি ভাষণত কয়৷ অসম চুক্তিৰ ৬নং দফা কেৱল বিজেপিয়ে ব্যৱস্থা কৰিছে৷ ডিমাচা, ৰাভা, তিৱা, কার্বি, মিচিং, আন্দোলনত উলাই অহা নাই৷ কংগ্ৰেছৰ দিনত চাৰিখনকৈ ইছলামিক কলেজ হ'ল৷ কা বিৰুদ্ধে প্ৰতিবাদ কৰা সকলে আৰৱী, মাদ্ৰাছা, ইছলামিক সাহিত্য, কাঠফুলাৰ দৰে বাঢি় অহা মাদ্ৰাছাৰ বিৰুদ্ধে মাত নামাতে৷ গোলাঘাটত ইঞ্জিনিয়াৰিং কলেজৰ সমস্যা সমাধান কৰা হ'ল। গোলাঘাটত এই মাৰ্চ মাহত নতুন বিশ্ববিদ্যালয় স্থাপিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ মুখ্যমন্ত্ৰী সর্বানন্দ সোনোৱালে ২৩ কোটি টকা এনআৰএল লৈ ৰাজ সাহায্য প্ৰদান কৰি ৩ৰ পৰা ৯ মিলিয়ন মেট্ৰিকটনলৈ উৎপাদন শক্তি বৃদ্ধি কৰাৰ বাবে নৰেন্দ্ৰ মোদীক শূভেচ্চা জনাই৷উৰিষ্যাৰ পৰা নুমলীগড়লৈকে পাইপ লাইন নির্মান কৰা হৈছে খাৰুৱা তেলৰ বাবে৷ এহাজাৰ চাহ বাগিচাৰ কলঘৰ আছে, অসমত প্ৰাকৃতিক গেছৰ নাটনিৰ বাবে বিহাৰৰ বৰওনীৰ পৰা গুৱাহাটীলৈকে ৫.৫ কোটি টকাৰে গেছ পাইপ লাইন বহুৱাবলৈ অনুমোদন দিছে৷অসম চুক্তিৰ সাত নম্বৰ দফা অনুযায়ী ডিব্ৰুগড় গেছ ক্ৰেকাৰ প্ৰতিস্থা হৈছিল৷ গেছ ক্ৰেকাৰ পোন্ধৰ বছৰলৈকে বন্ধ নহবলৈ নৰেন্দ্ৰ মোদীয়ে ৫৬০০ কোটি টকা অনুমোদন দিলে৷৭২ বছৰ অসমৰ ইতিসাহত নৰেন্দ্ৰ মোদীয়ে ৪২ হাজাৰ কোটি টকা দিলে৷ অসমৰ বুকুত উন্নয়নৰ ছবি দাঙি ধৰিছে নৰেন্দ্ৰ মোদীয়ে৷অসমত কংগ্ৰেছ আৰু বাঁওপন্থিৰ চৰকাৰ কেতিয়াও নহয়৷ ১লাখ খিলঞ্জীয়াক মাটিৰ পট্টা দিয়া হব৷বিজেপিৰ লক্ষ্য মহিলাৰ সুৰক্ষা, ভাষা, সংস্কৃতি, সুৰিক্ষত কৰা৷চাহ জনজাতিলৈ ৭২ বছৰে কংগ্ৰেছে একো নকৰিলে৷ বাগিচাত ১০০খন হাইস্কুল প্ৰতিষ্ঠা কৰা হব৷ ১০ হাজাৰ নিবনুৱাক ২৫ হাজাৰকৈ আৰু চাহ শ্ৰমিক গর্ভৱতীলৈ ১২ হাজাৰ টকাকৈ এককালীন সাহায্য দিব৷
Byte 1: হিমন্ত বিশব শর্মা৷
Byte 2: সর্বানন্দ সোনোৱাল৷
Conclusion: